২৩ আগষ্টত অসমত বাজপেয়ীৰ চিতাভস্ম বিসর্জন - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

August 23, 2018

২৩ আগষ্টত অসমত বাজপেয়ীৰ চিতাভস্ম বিসর্জন


গুৱাহাটী : প্রাক্তন প্রধানমন্ত্রী তথা ভাৰতৰত্ন প্রয়াত অটল বিহাৰী বাজপেয়ীৰ চিতাভস্ম অসমত ২৩ আগষ্টত বিসর্জন দিয়া হ’ব৷ আনহাতে অহা ২৭ আগষ্টত অসম চৰকাৰৰ উদ্যোগত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হ’ব প্রয়াত প্রধানমন্ত্রীজনৰ ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠান৷ আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ মাজত অনুষ্ঠিত হোৱা বৈঠকৰ পাছত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ পুৱা মুখ্যমন্ত্রীজনৰ বাসগৃহত অনুষ্ঠিত বৈঠকৰ পাছত দল আৰু চৰকাৰে গ্রহণ কৰা সিদ্ধান্ত ৰাজহুৱা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দাসে৷

কালি বিজেপিৰ পিতামহ বাজপেয়ীৰ চিতাভস্ম আনিবৰ বাবে ৰঞ্জিত দাস দিল্লীলৈ ৰাওনা হয়৷ তেওঁ পুৱা ১০ বজাত বিজেপিৰ কেন্দ্রীয় কার্যালয়ত প্রধানমন্ত্রীৰপৰা চিতাভস্মৰ কলহ গ্রহণ কৰি অসমলৈ ঘূৰি আহিছে৷ বিয়লি ২-৩০ বজাত তেওঁ বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় আৰু তাতে চিতাভস্ম মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গ্রহণ কৰে৷ বৰঝাৰৰপৰা প্রয়াত বাজপেয়ীৰ চিতাভস্ম পোনে পোনে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়লৈ অনা হ’ব৷

তাতে দলীয় নেতা-কর্মীসকলে শ্রদ্ধাঞ্জলি জনোৱাৰ পাছত নিশা চিতাভস্ম সমীপৱর্তী কার্বি যুৱ সংঘৰ খেলপথাৰত ৰখা হ’ব৷ তাতে ৰাজহুৱাকৈ প্রয়াত বাজপেয়ীৰ প্রতি শেষ শ্রদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিব৷ আনহাতে ২৩ আগষ্টত প্রাক্তন প্রধানমন্ত্রীজনৰ চিতাভস্ম বৰাক আৰু ব্রহ্মপুত্রত বিসর্জন দিয়া হ’ব৷ পুৱাই অসমলৈ অনা চিতাভস্মৰ এটা অংশ মন্ত্রী ৰঞ্জিত দত্ত, চুম ৰংহাং, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, ৰাজ্যিক বিজেপিৰ প্রাক্তন সভাপতি নাৰায়ণ চন্দ্র বৰকটকীসহ এটা দলে বৰাকলৈ লৈ যাব৷ শিলচৰ বিমান বন্দৰত এই ভস্ম মন্ত্রী পৰিমল শুক্লবৈদ্য, প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা কবীন্দ্র পুৰকায়স্থ আৰু মিছন ৰঞ্জন দাসে গ্রহণ কৰিব৷

পৰৱর্তী পর্যায়ত দিনটোৰ ভিতৰতে এই ভস্ম বৰাক নৈত বিসর্জন দিয়া হ’ব৷ আনহাতে চিতাভস্মৰ বাকী অংশ পুৱা ৮-১২.৩০ বজালৈ কার্বি যুৱ সংঘৰ খেলপথাৰত ৰাজহুৱাকৈ শ্রদ্ধা জনোৱাৰ বাবে ৰখা হয়৷ দিনৰ ১ বজাত কার্বি যুৱ সংঘৰ খেলপথাৰৰপৰা জু-ৰ’ড, চানমাৰি হৈ লতাশিল খেলপথাৰলৈ নিয়া হ’ব৷ বিয়লি ৩ বজাৰপৰা লতাশিল খেলপথাৰত প্রাক্তন প্রধানমন্ত্রীজনৰ প্রতি ৰাজহুৱাকৈ শেষ শ্রদ্ধা জনোৱা হ’ব৷

আনহাতে বেলি ডুবাৰ পূর্বে সেই চিতাভস্ম ভৰলুমুখস্থিত লাচিত পার্কলৈ নি তাতে ব্রহ্মপুত্রত বিসর্জন দিয়া হ’ব বুলি প্রকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ বিসর্জন অনুষ্ঠানত মুখ্যমন্ত্রী সোণোৱালকে ধৰি অসম চৰকাৰৰ কেইবাজনো মন্ত্রী আৰু বিজেপিৰ জ্যেষ্ঠ নেতায়ো অংশ গ্রহণ কৰিব৷ ইফালে অহা ২৭ আগষ্টত প্রয়াত অটল বিহাৰী বাজপেয়ীৰ প্রতি ৰাজহুৱাকৈ শ্রদ্ধাঞ্জলি জনাবৰ বাবে শ্রদ্ধাঞ্জলি অনুষ্ঠান পতা হ’ব শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত৷ অসম চৰকাৰে এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে আজি অনুষ্ঠিত হোৱা দল আৰু চৰকাৰৰ বৈঠকত৷