পৰ্যাপ্ত পানীৰ অভাৱত জাঁজী জামুগুৰিত শ শ হেক্টৰ কৃষিভূমি ছন পৰি ৰোৱাৰ সম্ভাৱনা - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

August 8, 2018

পৰ্যাপ্ত পানীৰ অভাৱত জাঁজী জামুগুৰিত শ শ হেক্টৰ কৃষিভূমি ছন পৰি ৰোৱাৰ সম্ভাৱনা


জাঁজী : কৃষিপ্ৰধান ৰাজ্য অসমৰ কৃষকে এতিয়াও আকাশলৈ চাই কৃষিকৰ্ম কৰি থাকিব লগা হৈছে। ৰাজ্যৰ অৰ্থনীতিত শক্তিশালী অৰিহণা যোগাই অহা কৃষিক লৈ কোনো এখন চৰকাৰে স্বাধীনতাৰ ৭০টা বছৰে গুৰুত্ব নিদি কেৱল চৰকাৰী কৃষি বিভাগটোৰ নামত বছৰি কোটি কোটি টকা ৰাজহুৱা ধনৰ শৰাধ পাতি অহাৰ বাহিৰে কৃষকৰ উপকাৰ সাধনৰ কোনো আঁচনি গ্ৰহণ কৰিব পৰা নাই। শিৱসাগৰ জিলাৰ জকাইচুক, ম’ৰাবজাৰ আৰু গধূলি বজাৰ মৌজাত পৰ্যাপ্ত বৰষুণৰ অভাৱত কৃষকে সম্প্ৰতি কৃষিকাৰ্য সম্পন্ন কৰিব নোৱৰা অৱস্থাই তাকেই প্ৰতিপন্ন কৰিছে। উল্লেখযোগ্য যে, মৌজা তিনিটাৰ ৭০ শতাংশ পৰিয়াল কৃষিৰ ওপৰত নিৰ্ভৰশীল হ’লেও পৰ্যাপ্ত বৰষুণৰ অভাৱত হেঁপাহৰ কৃষিকৰ্ম কৰিব নোৱাৰি এতিয়া তেওঁলোকে মূৰে-কপালে হাত দিব লগা হৈছে।

দেশ তথা ৰাজ্যৰ অৰ্থনীতিত প্ৰচুৰ অৰিহণা আগবঢ়াই অহা কৃষকৰ বাবে খেতিপথাৰ সমূহত আজিও পৰ্যাপ্ত জলসিঞ্চনৰ ব্যৱস্হা নাই। যুগ যুগ ধৰি আকাশলৈ চাই কৃষি কৰ্ম কৰি অহা মৌজা তিনিটাৰ কৃষকে পৰ্যাপ্ত বৰষুণৰ অভাৱত পৰি থমকি ৰ’ব লগা অৱস্হাতো গা লৰা নাই কৃষি বিভাগটোৰ। গৌৰীসাগৰত জাঁজী জামুগুৰি কৃষি চক্ৰ কাৰ্যালয় আছে যদিও কৃষকে নাজানে। কৃষকে চিনিকে নাপায় ইয়াৰ বিষয়া-কৰ্মচাৰীসকলক। ইয়াৰ গ্ৰামসেৱকসকলে কৃষকৰ এনে দুৰ্যোগৰ বেলাত দিহা-পৰামৰ্শ দি সমস্যাসমূহ চৰকাৰক দাখিল কৰিব লাগে যদিও বিষয়া-কৰ্মচাৰী আৰু গ্ৰাম সেৱকসকলক এই সংকটৰ সময়ত ৰাইজে দেখা পোৱা নাই। যদিহে অতি সোনকালে মৌচুমী জলবায়ুৱে কৃষকক কৃপা নকৰে, তেন্তে শ শ হেক্টৰ কৃষিপথাৰ যে ছন পৰি ৰ’ব সেয়া নিশ্চিত। কৃষিকৰ্মই পৰিয়াল ভৰণ-পোষণৰ একমাত্ৰ সম্বল হৈ অহা খাটি খোৱা শ শ কৃষক পৰিয়ালৰ মাজত এই লৈ নামি আহিছে চৰম অনিশ্চয়তা।
Responsive Ads Here