তামাৰহাট : ধুবুৰী জিলাৰ তামাৰহাটত বিত্তীয় সাক্ষৰতাৰ লগতে সাধাৰণ বেংকিং সম্পৰ্কে ইউকো বেংক কৰ্তৃপক্ষই দেওবাৰে অনুষ্ঠিত কৰিলে সজাগতা সভা। তামাৰহাটস্তিত ‘সজল ফাউণ্ডেশ্যন’ নামৰ বেচৰকাৰী সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত সজাগতা সভাখনত
বৃহত্তৰ তামাৰহাটৰ দুই শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।
সভাখনত প্ৰধান মন্ত্ৰীৰ জন ধন যোজনা, প্ৰধান মন্ত্ৰী জীৱন-জ্যোতি যোজনা, অটল পেঞ্চন যোজনা, ডিজিটেল বেংকিংত ৰূপে কাৰ্ডৰ ব্যবহাৰ আৰু তাৰ পৰা উপলব্ধ সুবিধা, প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা, প্ৰধান মন্ত্ৰী সুকন্যা সমৃদ্ধি যোজনা, কিষাণ ক্ৰেডিট কাৰ্ড আদি সম্পৰ্কে আলোচনা কৰা হয়।
উল্লেখযোগ্য যে সজাগতা সভাখনত অৰুণ চন্দ্ৰ দাস, বিত্তীয় সাক্ষৰ পৰামৰ্শদাতা ইউকো বেংক, ধুবুৰী আৰু অলোক সাহা, প্ৰৱন্ধক ইউকো বেংক, ধুবুৰী বিষযাদ্বয় উপস্থিত ৰাইজক এই সম্পৰ্কত ভাষণ প্ৰসংগত সুন্দৰকৈ বুজাই কোৱাৰ লগতে বেংকিং সেৱাৰ লগত সু-সম্পৰ্ক ৰাখিবলৈ অনুৰোধ জনায়।