বিখ্যাত বুৰঞ্জীবিদ ৰমিলা টাপৰ আৰু সঞ্জয় হাজৰিকাৰ বিৰুদ্ধে গোচৰ ৰুজু

খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প্ৰদান কৰাৰ পৰিণতি

কোকৰাঝাৰ : বিখ্যাত বুৰঞ্জীবিদ তথা লেখক ৰমিলা টাপৰ আৰু সঞ্জয় হাজৰিকাই খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প্ৰদান কৰাৰ চাঞ্চল্যৰ জুই এতিয়াও নিৰ্বাপিত হোৱা নাই। সেয়ে লেখকেদ্বয়ৰ বিৰুদ্ধে ক্ষোভিত হৈ পাহাৰ আৰু ভৈয়াম জনজাতিৰ এটা সংগঠন "ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেছন , অসম" চমুকৈ "ইউ টি অ" ৰ পৰা ৪ আগষ্টত কোকৰাঝাৰ থানাত ৰুজু কৰা হৈছে গোচৰ।
সংগঠনৰ সভাপতি মাৰ্কুচ বসুমতাৰীয়ে এই কথা কোকৰাঝাৰ প্ৰেছ ক্লাৱত সংবাদ মেল পাতি অৱগত কৰিলে। কোকৰাঝাৰ আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধি নং ৩(১)(পি)(আৰ)(ইও) ধাৰাত গোচৰ পঞ্জীয়ন কৰি ইতিমধ্যে আৰক্ষী প্ৰশাসনে বিসয়টো গুৰুত্ব সহকাৰে লোৱা বুলি জনাই সংগঠনৰ নেতাগৰাকীয়ে।
বিখ্যাত বুৰঞ্জীবিদ তথা লেখক ৰমিলা টাপৰ আৰু সঞ্জয় হাজৰিকাই " Ancient Indian Social History"আৰু " Strangers No More" নামৰ গ্ৰন্থত বিদ্ৰোহী শব্দ ব্যৱহাৰ কৰি খিলঞ্জীয়া বড়ো জনগোষ্ঠীটোকে বিদ্ৰোহী আখ্যা দিয়াৰ অভিযোগ তুলি অতি শীঘ্ৰে উক্ত গ্ৰন্থসমূহ নিষিদ্ধ কৰাৰ দাবী কৰে।
উল্লেখযোগ্য যে এই দুগৰাকী লেখকৰ বিৰুদ্ধে ইয়াৰ পুৰ্বেও বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাংগণত প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰসিদ্ধ লেখকেদ্বয়ে তেওঁলোকৰ দ্বাৰা স্বৰচিত "Strangers No More" গ্ৰন্থৰ ১৮৭, ১৮৫ পৃষ্ঠাত আৰু " Ancient Indian Social History" নামৰ গ্ৰন্থখনৰ ৩৭৮ নং পৃষ্ঠাত এনডিএফবি উগ্ৰপন্থীৰ ওপৰত লিখিত এক অধ্যায়ত সমস্ত বড়ো জাতিটোকে সাঙুৰি লৈ কৰা আপত্তিজনক শব্দ ব্যৱহাৰ কৰা আছে। উগ্ৰপন্থীৰ কোনো জাতি ধৰ্ম নাথাকে , উগ্ৰপন্থীক বড়ো উগ্ৰপন্থী বুলি উল্লেখ কৰাটো বড়ো জনগোষ্ঠীৰ বাবে চৰম অপমানজনক আৰু অন্যায় বুলি কৈ ভৱিষ্যতে কোনো লেখক আনকি সংবাদ মাধ্যমেও যাতে বড়ো উগ্ৰপন্থী বুলি কোনো শব্দ ব্যৱহাৰ নকৰে তাৰ প্ৰতি সচেতন হবলৈ আহ্বান জনাইছিল। ইউ টি অ" সংগঠনে উক্ত লেখকেদ্বয়ৰ বিৰুদ্ধে আৰক্ষীৰ প্ৰশাসনৰ সহায় লোৱা পিচতো কেনেদৰে আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষ্যনীয়।



SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: