৭ বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

August 20, 2018

৭ বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা


লখিমপুৰ: লখিমপুৰ জিলাৰ অসম-অৰুণাচল প্রদেশৰ সীমান্তৱর্তী নাৰায়ণপুৰৰ ৰাজগড়ত আজি এটি কণমানি ৭ বছৰীয়া কন্যা শিশুৰ অর্ধ উলংগ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, অৰুণাচলৰ বান্দৰদেৱা থানাৰ অন্তর্গত চুনাজুলিস্থিত চেঁচা আৰক্ষী চকীৰ পৰা মাত্র দুশ মিটাৰ পশ্চিম দিশত কালিৰ পৰা সন্ধানহীন হৈ থকা কণমানি শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়৷ প্রাপ্ত তথ্য মতে, নাৰায়ণপুৰ শিক্ষা খণ্ডৰ অন্তর্গত চুনাজুলি মধ্য ইংৰাজী বিদ্যালয়ৰ দ্বিতীয় শ্রেণীত অধ্যয়নৰত তথা লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তর্গত অৰুণাচল প্রদেশৰ সীমান্তৱর্তী দজানৰ নিৱাসী দিল বাহাদুৰ অধিকাৰী আৰু বিমলী দেৱীৰ একমাত্র সাত বছৰীয়া কন্যা বিনীতা অধিকাৰী কালি বসন্ত ৰোগৰ প্রতিষেধক লৈ অকলশৰে ১১-৩০মান বজাত বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত পথৰ পৰাই সন্ধানহীন হৈ আছিল৷

আজি পুৱা ৭মান বজাত সীমান্তৱর্তী ৰাজগড় পথৰ দাঁতিতে থকা অৰুণাচলৰ দজান আঞ্চলিক বন বিজ্ঞান কেন্দ্রৰ চৌহদৰ পকী বেৰাৰ কাষত পৰি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ হয়৷ প্রথম দৃষ্টিতে শিশুটিক অপহৰণ কৰা দুর্বৃত্তই বলাৎকাৰ কৰি হত্যা কৰি পেলাই থৈ যোৱা বুলি প্রত্যক্ষদর্শীয়ে সন্দেহ প্রকাশ কৰিছে৷ উল্লেখযোগ্য যে কালি কণমানি শিশুটি সন্ধানহীন হোৱা সম্পর্কত পৰিয়ালৰ লোকে শিমলুগুৰি আৰু চেঁচা আৰক্ষী চকীক অৱগত কৰিছিল যদিও আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷

ইফালে, অৰুণাচলৰ হোটেলত দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি থকা দিল বাহাদুৰে কন্যা সন্ধানহীন হৈ থকা খবৰ পাই কালি সন্ধিয়া বিচাৰ-খোঁচাৰ কৰে যদিও সন্ধান লাভ নকৰাত আজি পুৱা প্রায় ৭মান বজাত সন্দেহবশতঃ গৃহৰ সমীপতে থকা দজান আঞ্চলিক বন বিজ্ঞান কেন্দ্রৰ বেৰাত উঠি ভিতৰলৈ ভুমুকিয়াই চাওঁতেই জংঘলৰ মাজত কন্যাৰ মৃতদেহ প্রত্যক্ষ কৰে৷

লগে লগে গাঁৱৰ মহিলাসকল একগোট হৈ চেঁচা আৰক্ষী চকীত খবৰ দিবলৈ যাওঁতে পুৰুষ আৰক্ষীয়ে মহিলাসকলক প্রহাৰ কৰি খেদি পঠিওৱাত স্থানীয় লোকসকল ক্ষুব্ধ হৈ সীমান্তৱর্তী চেঁচা আৰক্ষী চকীৰ দুৱাৰ-খিৰিকী ভাঙি লণ্ড-ভণ্ড কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ মহিলাসকলেও অৰুণাচল পুলিচ হায় হায়, বলাৎকাৰীক ফাঁচি দিয়ক আদি শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে৷

পাছত ঘটনাস্থলীত পাপুমপাৰে জিলাৰ আৰক্ষী অধীক্ষক এম হাৰাশা ধর্মন, লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং, বিহপুৰীয়াৰ ৰাজহ চক্র বিষয়া দীপ্তি মৰাং, অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ ৰশ্মিৰেখা শর্মা, শিমলুগুৰি আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰুদ্র সোণোৱাল, লাট গাঁওবুঢ়া নিতুল বৰাকে ধৰি প্রশাসনৰ লোকসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ পাছত দুয়োখন ৰাজ্যৰ আৰক্ষীৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নাহৰলগুণলৈ প্রেৰণ কৰা হয়৷

প্রণিধানযোগ্য যে মৃতদেহৰ গাত লাগি থকা বিদ্যালয়ৰ সাজৰ বগা চোলাটো তেজেৰে তুমৰলি হৈ থকা আৰু বাওঁফালৰ চকুৰ পৰা তেজ বৈ থকাৰ লগতে মৃতদেহত থকা আন কেতবোৰ লক্ষণৰ পৰা কোনো নৰাধমে শিশুটিক অপহৰণ কৰি উপর্ুপৰি বলাৎকাৰ কৰি হত্যা কৰা বুলি সকলোৱে সন্দেহ কৰিছে৷ লখিমপুৰ জিলা গোর্খা ছাত্র সন্থাই দোষীক শীঘ্রে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দুয়োখন ৰাজ্যৰ আৰক্ষীক দাবী জনাইছে৷