বৰপেটা : বৰপেটাৰোড আঞ্চলিক বন বিভাগে ভৱানীপুৰৰ সমীপৰ টাপাৰ জামতলত এডাল অজগৰ উদ্ধাৰ কৰে৷ প্ৰায় আঠ ফুট দৈৰ্ঘৰ আজগৰডাল উদ্ধাৰ কৰাৰ কৰি বন বিভাগৰ লোকে মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে। জামতলৰ স্থানীয় ৰাইজে এডাল আহত গছৰ ওপৰত অজগৰডাল প্ৰত্যক্ষ কৰে। তাৰপিচতে স্থানীয় লোকে বৰপেটাৰোড বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়ে৷
এই খবৰৰ ভিত্তিত বন বিভাগৰ লোক জামতলত উপস্থিত হৈ অজগৰ ডাল উদ্ধাৰ কৰে। বন বিভাগে জনোৱা মতে, গছডালৰ প্ৰায় ৪০ ফুট উচ্চতাত আশ্ৰয় লৈ থকা অজগৰডাল বনকৰ্মী এগৰাকীয়ে গছৰ ওপৰত উঠি অতি কৌশলেৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ স্থানীয় লোকে বনকৰ্মীগৰাকীৰ সাহসিকতাৰ শলাগ লৈছে৷