তিতাবৰ : তিতাবৰ খাৰখোৱা খণ্ডৰ অন্তৰ্গত ভগনীয়া গাঁওৰ নিবাসী চিত্ৰশিল্পী, সুবক্তা,কবি-প্ৰবন্ধকাৰ,চিন্তাবিদ তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী গ্ৰন্থাগাৰিক পদ্মধৰ কলিতাৰ অলপতে যোৰহাটৰ খ্ৰীষ্টিয়ান মিছন হস্পিতালত চিকিৎসাধীন অৱস্থাতে জীৱন বন্তি অস্তমিত হোৱাত সমগ্ৰ তিতাবৰতে শোকৰ ছাঁ পৰে। উল্লেখ্য যে ১৯৫৪ চনৰ মাৰ্চ মাহত জন্ম গ্ৰহণ কৰা প্ৰয়াত কলিতাই কঠোৰ অধ্যবসায় আৰু অনুসন্ধিৎসুক ভাবে কৰা অধ্যয়নৰ যোগেদি ইংৰাজী বিষয়ত দখল থকা হেতু ঘৰতে ছাত্ৰ ছাত্ৰী সকলক পাঠ দান কৰা উপৰিও চিত্ৰ কলাৰো শিক্ষা প্ৰদান কৰিছিল। বিশেষকৈ তেখেত জন্মৰ পৰাই শাৰীৰিক ভাবে বিশেষভাৱে সক্ষম লোক আছিল যদিও নিজৰ মনৰ উদ্যমেৰে সমাজৰ সকলো কামত অংশগ্ৰহণ কৰি আগুৱাই যাবলৈ কোনো কুণ্ঠাবোধ কৰা নাছিল। বাঁহৰ পাছি, খৰাহী, বিচনী, টোম, মূখৰা লগতে অন্যান্য সামগ্ৰী সাজিব পৰা নিজৰ বিভিন্ন গুণেৰে গুণৱান কলিতাই অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰত নিযুক্তি লাভ কৰিছিল। গৰিয়সী,প্ৰান্তিককে ধৰি বিভিন্ন কাকত আলোচনীত কবিতা প্ৰবন্ধ প্রকাশেৰে নীৰৱ ভাবে সাহিত্য চৰ্চা আৰু চিত্ৰ কলাটো বিশেষ ব্যুৎপত্তি অর্জন কৰিছিল। মানসিক শ্ৰমৰ যোগেদি জড়িত সমাজ সচেতন চিন্তাশীল হাস্যমধুৰ ৰসিক ব্যক্তিত্বৰ গৰাকী সমগ্ৰ অঞ্চলৰ "খুড়া দা"ৰ ৰূপে খ্যাত পদ্মধৰ কলিতা নৱ প্ৰজন্মৰ বাবে প্ৰেৰণা স্বৰূপ আছিল। তেখেতৰ মৃত্যুত সমগ্ৰ তিতাবৰবাসীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন পৰে।
Post Top Ad
Responsive Ads Here
September 28, 2018

বিশিষ্ট প্ৰবন্ধকাৰ, চিত্ৰ শিল্পী পদ্মধৰ কলিতাৰ বিয়োগত শোকস্তব্ধ তিতাবৰ
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Author Details
No. 1 Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)