কোকৰাঝাৰত ট্ৰাইফেডৰ উদ্যোগত ৯দিনীয়া মিনি আদি মহোৎসৱ - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

September 22, 2018

কোকৰাঝাৰত ট্ৰাইফেডৰ উদ্যোগত ৯দিনীয়া মিনি আদি মহোৎসৱ

কোকৰাঝাৰ : বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ জে ডি ৰোডস্থিত সৌৰখি ক্ৰাফট এণ্ড কাফেত কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ সৌজন্যত আৰু ট্ৰাইফেট (TRIFED)ৰ উদ্যোগত পোন প্ৰথম বাৰৰ বাবে শনিবাৰৰ পৰা ন’দিনীয়া কাৰ্যসুচীৰে আৰম্ভ হৈছে "মিনি আদি মহোৎসৱ"৷এই উপলক্ষে আজি সন্ধিয়া এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাধ্যমেৰে জনজাতিসকলৰ সাজ-সজ্জাৰ ওপৰত এই মহোৎসৱৰ শুভাৰম্ভ কৰে বড়ো চিনেমা জগতৰ প্ৰথিতযশা অভিনেত্ৰী ফুজি বসুমতাৰীয়ে৷
অনুষ্ঠানত ট্ৰাইফেডৰ উত্তৰপূৰ্বোত্তৰ উপাধক্ষ্য প্ৰতিভা ব্ৰহ্মই উপস্থিত থাকি জনজাতিসকলৰ চহকী পৰম্পৰা সাজ-সজ্জাক জীয়াই ৰখাৰ স্বাৰ্থত আৰু শিপিন সকলক উৎসাহিত কৰি এখন বজাৰ গঢ় দিয়াৰ মহান লক্ষ্যৰে ট্ৰাইফেডে পোন প্ৰথমবাৰ বিটিএডিৰ সদৰ কোকৰাঝাৰত এনে উদ্যোগ লৈ জনজাতি সকলৰ সামাজিক আৰু অৰ্থনৈতিক দিশত বিকাশ ঘটোৱাই মুল ট্ৰাইফেডৰ লক্ষ্য বুলি জনাই৷


তেওঁ ট্ৰাইফেডে পৰবৰ্তী গুৱাহাটী মহানগৰকে ধৰি উত্তৰ পূৰ্বোত্তৰৰ বিভিন্ন শ্হানত জনজাতি সকলৰ অতি চহকী পৰম্পৰা সাঁজপাৰ বিশ্বৰ সতে চিনাকি কৰি দিৱলৈ আৰু জনজাতিসকলৰ হস্ততাঁত বস্ত্ৰশিল্পৰ ওপৰত সুপ্ত হৈ থকা দক্ষতা আৰু প্ৰতিভাক এটাক বজাৰ গঢ়াৰ মঞ্চ দিৱলৈ ট্ৰাইফেডে গুৰুত্ব দিৱ বুলি সদৰী কৰে৷
আজিৰ মহোৎসৱৰ মুকলি শুভাৰম্ভত ট্ৰাইফেডৰ উত্তৰপূৰ্বোত্তৰ ক্ষেত্ৰীয় প্ৰবন্ধক এম আৰ সিং আৰু বড়োলেণ্ড বিশ্ববিদ্যালয় পৰীক্ষা নিয়ন্ত্ৰক বিৰফুং নাৰ্জাৰী উপস্থিত থাকে৷ উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলকে ধৰি স্থানীয় ১৭টাকৈ বিপনীয়ে অংশ লয়৷
Responsive Ads Here