গুণোৎসৱৰ ফলৰ ভিত্তিত ব্যৱস্থা নহ’ল - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

September 4, 2018

গুণোৎসৱৰ ফলৰ ভিত্তিত ব্যৱস্থা নহ’ল


গুৱাহাটী : ধোঁৱাচাঙত উঠিল সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ এটা অন্যতম প্রশংসনীয় পদক্ষেপ৷ প্রাথমিক শিক্ষাৰ গুণগত মান বৃদ্ধি কৰাৰ লগতে মাতৃভাষা মাধ্যমৰ প্রতি আকর্ষণ বৃদ্ধি কৰিবলৈ সোণোৱাল চৰকাৰৰ শিক্ষা বিভাগে প্রথম বর্ষটোত আৰম্ভ কৰিছিল গুণোৎসৱ৷ সোণোৱাল চৰকাৰৰ প্রশংসনীয় পদক্ষেপৰ তালিকাত দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি, জনসংখ্যা নীতিৰ লগতে স্থান পাইছিল গুণোৎসৱে৷

কিন্তু গুণোৎসৱৰ পৰা যি ফল পোৱা গ’ল তাক ধোঁৱাচাঙত ৰাখি আন এক অশ্ব ডিম্বৰ সন্ধান কৰিবলৈ সাজু হৈছে শিক্ষা বিভাগ৷ ২০১৭ চনত শিক্ষা বিভাগে তিনিটা পর্যায়ত গুণোৎসৱ অনুষ্ঠিত কৰিছিল প্রাথমিক শিক্ষাৰ মান উত্তৰণৰ বাবে৷ গুণোৎসৱৰ ফল ওলাল, কিন্তু সেই ফলৰ ভিত্তিত শিক্ষাৰ মান উন্নত কৰি মাতৃভাষা মাধ্যমৰ প্রতি ছাত্র-ছাত্রী, অভিভাৱকৰ আকর্ষণ বৃদ্ধি কৰিবলৈ কোনোধৰণৰ পদক্ষেপ গ্রহণ নকৰিলে সোণোৱাল চৰকাৰে৷

ইয়াৰ পৰিৱর্তে অহা ৩১ অক্টোবৰৰ পৰা পুনৰ গুণোৎসৱ অনুষ্ঠিত কৰাৰ সময়সূচী নির্ধাৰণ কৰিছে শিক্ষা বিভাগে৷ উল্লেখযোগ্য যে চৰকাৰী খণ্ডৰ প্রাথমিক শিক্ষা ব্যৱস্থাত থকা কেৰোণসমূহ উলিয়াই নিৰাময় কৰিবলৈ শিক্ষা বিভাগে গুণোৎসৱ অনুষ্ঠিত কৰিছিল৷ চক্র বিষয়াৰ পৰা আৰম্ভ কৰি মুখ্য সচিব, আৰক্ষী সঞ্চালক প্রধান, বিধায়কৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্রীলৈ সকলোৱে গুণোৎসৱত অংশগ্রহণ কৰাৰ পাছত প্রাথমিক বিদ্যালয়সমূহক শ্রেণীভুক্ত কৰা হৈছিল৷

কেইবাটাও শ্রেণীত ভাগ কৰাৰ পাছত এ ‘প্লাছ’ প্রাপ্ত প্রাথমিক বিদ্যালয়ৰ শিক্ষাৰ মান অধিক উন্নত কৰাৰ বাবে ২৫ হাজাৰ টকাকৈ আগবঢ়োৱাৰ কথাও ঘোষণা কৰিছিল৷ তদুপৰি গুণোৎসৱৰ ফল ঘোষণা কৰি সেই সময়ৰ শিক্ষা মন্ত্রী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল যে ৰাজ্যৰ প্রাথমিক শিক্ষাৰ মান উন্নত কৰাৰ লগতে চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ প্রতি আকর্ষিত কৰিবলৈ ৯০০ কোটিৰো অধিক পুঁজিৰ আৱশ্যক হ’ব৷

গুণোৎসৱৰ পাছত ৰাজ্যত থকা প্রাথমিক বিদ্যালয়ত বিদ্যুৎ সংযোগ, প্রস্রাৱগাৰ, বিদ্যালয় গৃহ, শ্রেণীকোঠা পৃথক কৰিবলৈ বেৰা নির্মাণ, শিক্ষকৰ অভাৱ থকাৰ কথা পোহৰলৈ আহে৷ এই অভাৱসমূহ দূৰ কৰিবলৈ শিক্ষা বিভাগক ৯০০ কোটিৰো অধিক টকাৰ আৱশ্যক হ’ব বুলি সেই সময়ৰ শিক্ষা মন্ত্রী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল৷ গুণোৎসৱ হৈ গ’ল৷ গুণোৎসৱে চৰকাৰী খণ্ডৰ প্রাথমিক শিক্ষা ব্যৱস্থাত থকা সকলোবোৰ আসোঁৱাহ উদঙাই দিলে৷ কিন্তু আসোঁৱাহ দূৰ কৰা বা আন্তঃগাঁথনি উন্নত কৰিবলৈ কোনোধৰণৰ ব্যৱস্থাই নল’লে৷

প্রাথমিক শিক্ষাৰ বিকাশৰ বাবে অভিযানত নমা মন্ত্রী-বিষয়া, বিধায়ক, সমাজকর্মীৰ পৰা মুখ্যমন্ত্রীলৈকে যিসকলে শিক্ষকৰ ৰূপত জকাইচুকৰ প্রাথমিক বিদ্যালয়ত গৈ মূল্যাংকনত নামিছিল তেওঁলোকৰ সেই প্রচেষ্টা যে চমকহে আছিল সেই কথা আজি পৰিষ্কাৰ হৈ পৰিছে৷ উল্লেখযোগ্য যে ২০১৭ত পোনপ্রথমবাৰ গুণোৎসৱ পতাত শিক্ষক, প্রধান শিক্ষকসকলে নিজৰ পকেটৰ ধন ভাগি জেওৰা-জপনা দি ফুলনিৰে বাগিচা পাতিছিল৷ ভীতিগ্রস্ত শিক্ষক সমাজে পকেটৰ ধন ভাগি দিয়া বাঁহৰ জেওৰা-জপনা এবছৰত ভাগি-ছিগি চিন-চাব নোহোৱা হ’ল৷

ঢাক-ঢোল বজাই প্রাথমিক শিক্ষাৰ মান উন্নত কৰাৰ বাবে গুণোৎসৱ অনুষ্ঠিত কৰাৰ অন্তত মূল্যাংকনৰ ফল উলিওৱা হ’ল৷ গুণোৎসৱৰ ফলৰ পাছত আন্তঃগাঁথনি উন্নয়ন, শিক্ষকৰ অভাৱ দূৰ কৰাকে ধৰি যথোপযুক্ত ব্যৱস্থা গ্রহণ কৰাৰ পৰিৱর্তে ঢাক-ঢোল বজাই পুনৰ শিক্ষা বিভাগে অহা ৩১ অক্টোবৰৰ পৰা পুনৰ আৰম্ভ কৰিব গুণোৎসৱ৷ উল্লেখযোগ্য যে ৰাজ্যত বৃহৎসংখ্যক প্রাথমিক বিদ্যালয় এজনীয়া শিক্ষকেৰে চলি আছে অথচ ২০১৭ৰ পৰা শিক্ষকৰ নতুন নিযুক্তি আৰু পদ নিয়মীয়াকৰণ হোৱা নাই৷