জৰুৰীকালীন সেৱাত নিয়োজিত কর্মচাৰীৰ অর্ধ- উলংগ প্রতিবাদ

গুৱাহাটী : জৰুৰীকালীন সেৱাৰ সৈতে জড়িত চালক আৰু কর্মচাৰীসকলে পালন কৰা অনির্দিষ্টকালীন কর্মবিৰতিয়ে আজি ৭ম দিন অতিক্রম কৰিলে যদিও গা লৰা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ৷

হায়দৰাবাদৰ জি ভি কে নামৰ প্রতিষ্ঠানটোৰ দ্বাৰা পৰিচালিত হোৱাৰ বাবে মৃত্যুঞ্জয়, আদৰণি আদি অর্থাৎ ১০৮, ১০২ সেৱাসমূহ অচল হ’বলৈ এৰি দি স্বাস্থ্য বিভাগে ৰোগী, ৰোগীৰ আত্মীয়ৰ লগত খেলিছে ল’ৰা-ধেমালি৷

জৰুৰীকালীন সেৱাসমূহ মুকলি কৰি চমক সৃষ্টি কৰি স্বাস্থ্য বিভাগে এতিয়া এই সেৱাসমূহ অচল হৈ পৰিবলৈ এৰি দিছে৷ উল্লেখযোগ্য যে যোৱা ৫ ছেপ্টেম্বৰৰ পৰা জৰুৰীকালীন সেৱাত নিয়োজিত চালক আৰু কর্মচাৰীসকলে কর্মবিৰতি পালন কৰিছিল৷

জি ভি কে নামৰ প্রতিষ্ঠানটোৱে বার্ষিক বেতন বৃদ্ধি, আর্জিত ছুটীৰ বাবত পাবলগীয়া ধন আদায়ৰ ক্ষেত্রত পিঠি দিয়াৰ প্রতিবাদত জৰুৰীকালীন সেৱাসমূহ অচল হৈ আছে৷ জৰুৰীকালীন সেৱাত নিয়োজিত সহস্রাধিক চালক, কর্মচাৰীয়ে আজি পুৱা ৯ বজাৰ পৰা বিয়লি ৩ বজালৈ জি ভি কেৰ লখৰাত থকা মুখ্য কার্যালয়ৰ সন্মুখত অর্ধ উলংগ হৈ প্রতিবাদী কার্যসূচী পালন কৰে৷

কাইলৈয়ো অনুৰূপ কার্যসূচী চালক আৰু কর্মচাৰীসকলে পালন কৰিব৷ জি ভি কে নামৰ ব্যক্তিগত প্রতিষ্ঠানটোৰ লগত জৰুৰীকালীন সেৱাত নিয়োজিতসকলৰ সংঘাত অর্থাৎ দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ মিলাৰ দৰে ৰোগী আৰু ৰোগীৰ আত্মীয় দুভোর্গৰ সন্মুখীন হ’বলগীয়া হৈছে৷ দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ মিলাৰ পাছতো ৰং চাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷

জৰুৰীকালীন সেৱাত স্বাস্থ্য সেৱাও বিঘ্নিত হোৱাৰ কথা উনুকিয়াই দিয়াত ৰাজ্যিক স্বাস্থ্য মন্ত্রী পীয়ুষ হাজৰিকাই কয় যে দুই-এদিনতে বিষয়টো মীমাংসা হ’ব৷

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: