৪৯৭ : আধ্যাত্মিক চেতনা, পৰকীয়া প্ৰেম আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়

# মহিবুল মণ্ডল

"হৃদয় আৰু মস্তিষ্কৰ মাজত যেতিয়া দন্দ্ব হয়, তেতিয়া তুমি হৃদয়ক গ্ৰহণ কৰা। কাৰণ বুদ্ধিমান মানুহতকৈ হৃদয়বান মানুহ শ্ৰেয়। বুদ্ধিমান মানুহে বুদ্ধিৰ জৰিয়তে ভাল-বেয়া দুয়োটাই কৰিব পাৰে, কিন্তু হৃদয়বান মানুহে কেৱল ভালটোহে কৰিব জানে"
— স্বামী বিবেকান্দ

সত্য হ'ল অস্তিত্বৰ গভীৰ শিপা যি লুকাই থাকে প্ৰেমৰূপত। সত্য কোনো যুক্তি নহয়, নহয় কোনো নীতিবাক্য। সত্য হ'ল প্ৰেমৰ আকষ্মিক বিস্ফোৰণ। সাধাৰণতে বাহ্যিক ৰূপ দেখি মানুহে মানুহৰ প্ৰতি প্ৰেমত আকৃষ্ট হয়। আনহাতে বহুতে আকৌ কামৰিপুত জ্বলি উঠি প্ৰেমৰ অৰ্থটোকেই মলিন কৰে। কিন্তু কোনোবাই যদি দেহৰ ভিতৰৰ ৰূপ দেখিব পাৰিলেহেতেন তেন্তে তেওঁ হয়তো সমগ্ৰ জীৱন তাকে পাবলৈ দাসত্ব স্বীকাৰ কৰিলেহেতেন। কাৰণ আত্মা এক জ্বলন্ত প্ৰদীপ৷ যাৰ পোহৰত উজ্বল হৈ থাকে মানৱ দেহ।
সাধাৰণতে মানুহে ৬০-৮০ বছৰ এটা পৰিয়ালত ক্ষণিকৰ বাবে আহে পিছত বহুত মোহ-মায়া এৰি সকলোকে কন্দুৱাই এদিন হঠাৎ গুচি যায় আৰু কেতিয়াও উভতি নাহে। যিজনে গুচি যায় তাক সঁচা অৰ্থত কিমানজনে চিনি পাইছে ? স্বামী-স্ত্ৰী বিবাহৰ দিনৰে পৰা একেখন বিছনাত সমগ্ৰ জীৱন কটোৱাৰ লগতে ক'ত ব্যাথা, হাঁহি-ক্ৰন্দন বিভিন্ন আলাপৰ মাজেৰে সাংসাৰিক জীৱন অতিবাহিত কৰে। কিন্তু সচাঁ অৰ্থত সিহঁত যুগল কেৱল পতি-পত্নী আছিল নে ? নে কেৱল দৈহিক মিলনৰ পৰিচয় আছিল? সেই দৃষ্টিত মূল তত্ত্বত পতি-পত্নী বিচাৰি পোৱাটো বিৰল হ'ব। কাৰণ উভয়ৰ মাজত আত্মদৰ্শন নাথাকিলে সিহঁতবোৰক পতি-পত্নী কোৱাতকৈ পতি-পত্নী সদৃশ কোৱাটো শ্ৰেয় হ'ব। দেহৰ ভিতৰত কিমান খিনি পতি-পত্নীৰ আদৰ্শ আছে সেয়া অনুধাৱন কৰিব নোৱাৰিলে কোনেও ক'ব নোৱাৰিব কাৰ সৈতে বিবাহ বন্ধনত আৱদ্ধ হৈছে।
চুফিবাদ দৰ্শনেৰে যদি ব্যাখা কৰা হয়— আমি যিবোৰ দেখি-শুনি উপভোগ কৰি আহিছো এয়া সকলো বাহ্যিক ৰূপ মাথোঁ। যেনে বায়ু ,পানী, মাটি জীৱগোষ্ঠী যেন সসকলো ঠিকেই তৈয়াৰ হৈছে। কিন্তু অন্তঃদৰ্শনৰ দ্বাৰা বিবেচনা কৰিলে উমান কৰিব পাৰি যে এই মহাবিশ্বৰ সকলোবোৰ যেন এক বিষ্ময়ক। জ্ঞান মানুহৰ ঘুমন্ত, জ্ঞানেই মানুহৰ আত্ম পূৰ্ণ, প্ৰয়োজন কেৱল আত্মাক জাগ্ৰত কৰা।
প্ৰেম ঈশ্বৰৰ প্ৰদত্ত স্বৰ্গীয় অনুভূতি। ভালপোৱা মহান সৃষ্টিকৰ্তাৰ অৱদান। যি কি নহঁওক প্ৰসঙ্গ যিহেতু পৰকীয়াকলৈ, পৰকীয়া শব্দৰ ইংৰাজী হ'ল Adultetry & Paramours৷ তাৰ অৰ্থ হ'ল বিবাহিত কোনো নাৰী বা পুৰুষ নিজৰ পতি বা পত্নীৰ বাহিৰে অন্য সঙ্গী বা সঙ্গীনীৰ সতে বিবাহ বহিৰ্ভূত প্ৰেম, যৌন সম্পৰ্ক বজাই ৰখা।
ভাৰতৰ মহামান্য সৰ্বোচ্চ ন্যায়ালয়ে ২৭ ছেপ্টেম্বৰত এই বিষয়ক ঐতিহাসিক আইনক নসাৎ কৰি পৰকীয়া প্ৰেমক কোনো অপৰাধ নহয় বৰং বুজাপৰা বুলি নিৰ্দেশনা জাৰী কৰে। তাক লৈ সমগ্ৰ দেশত তুমূল বিতৰ্ক সৰ্বত্ৰে চলি আছে। আনকি দেশতেই নহয় বিদেশতো এই ৰায়ক বহু কটুভাষাৰে সমালোচনা কৰা দেখা গৈছে।
বিশেষকৈ বিবিচি বাংলাৰ খবৰ ফেচবুকত প্ৰচাৰ হোৱাৰ পাছতেই যাহা-তাহা বাক্যবাণেৰে আক্ৰমণ কৰাও দেখা গৈছে। দেশ-বিদেশত পৰকীয়া প্ৰেমক লৈ বিতৰ্ক চলি থকা অৱস্থাতেই আই পি চি ৪৯৭ ৰ আইনখন অসমতো শুভ উদ্ভধন হয়।
এই পৰকীয়া প্ৰেমক লৈ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতেন ৰাম মাঝিয়ে তেখেতৰ কাৰ্যকালত প্ৰায়ে এই বিষয়লৈ বিতৰ্কত সাঙুৰ খোৱা দেখা গৈছিল। তেখেতৰ বিৰ্তক মন্তৱ্য আছিল আমাৰ দেশত হেনো ৯০ শতাংশ পুৰুষেই ভিন্ন নাৰীৰ সৈতে ডেটিং কৰে। তেওঁ এনে মন্তৱ্য কৰাৰ কাৰণটো আছিল ২০১৪ চনতৰ আগষ্ট মাহত তেওঁৰ পুত্ৰ বিবাহিত এগৰাকী নাৰী পুলিচৰ সৈতে হোটেলত ধৰা পৰাৰ অভিযোগ উঠিছিল। (সাক্ষাৎকাৰঃ১৬ ফ্ৰেব্ৰুৱাৰী ২০১৬ ইণ্ডিয়া টুডে)
এই পৰকীয়া প্ৰেমৰ ৰায়টো হোৱাৰ পিছত মোৰ অনুভৱ হৈছে এয়া দুৰন্ত প্ৰেমিকসকলৰ জয়৷ আনহাতে লুচ্ছাসকলৰ কাৰণে নাৰী আৰু ভোগবিলাসীৰ পণ্য হোৱা যেন লাগিল।
লেখকৰ ঠিকনাঃ
সহোযগী সম্পাদক, সমাহাৰ
ফোন নং: +91 96782 43705

SHARE THIS

No. 1 Web Media in North-East India. Maintained and Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE).

0 comments: