অশুভৰ মাজত শুভ ফলৰ প্রত্যাশাৰে দেৱীৰ বােধন - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

October 14, 2018

অশুভৰ মাজত শুভ ফলৰ প্রত্যাশাৰে দেৱীৰ বােধন

# ছৈয়দ বুলবুল জামানুৰ হক

শৰতৰ স্নিগ্ধ আকাশৰ তলত এতিয়া দেশ-বিদেশৰ ভক্তই মহিষমর্দিনী দেৱী দুর্গাৰ আৰাধনাৰ প্ৰস্তুতি চলাইছে। শাৰদী ৰাণীৰ হাতত ধৰি প্ৰকৃতি ৰাজ্যত বিয়পি পৰিছে সেউজীয়া লহৰ। কালিদাসৰ অমলিন-ফৰকাল আকাশখনত চপ-চপৰ শুকুলা মেঘৰ লুকাকু। টোপাল টোপাল বৰষুণে ধৰিত্ৰীৰ বুকু জীপাল কৰি তােলাৰ পিছতেই কালিদাসে বর্ণনাকৰাৰ দৰেই সেই অপূর্ব, অনন্যশৰতৰ আগমন ঘটিছে। পদুলিয়ে পদুলিয়ে এতিয়া শেৱালিৰ সুবাস। পুৱা ধলফাট নৌদিওঁতেই নিয়ৰে তিয়াই যােৱা দূৱৰিৰ দলিচাত তলসৰা শেৱালিৰ অপূর্ব চুম্বন দৃশ্য কোনে পাহৰিব পাৰে বাৰু? শৰত মানেই শেৱালি। কেৱল অসম তথা উত্তৰপূর্বাঞ্চলেই নহয় বিযুৱীয় অঞ্চল, ইউৰােপীয় অঞ্চলৰৰ অৰঙেঙে ফুলি উঠিছে শুভ্র সুবাসিত শেৱালি। শেৱালিৰ দলিচাৰে ধৰালে নামি আহিছে সদ্যস্নাতা ৰূপহীৰ বেশত শাৰদী ৰাণী। এই শৰততে মানুহৰ মন উণ্ডল-খুগুল। কালিয়া ফুলীয়া ঢকুৱাৰ বাদ্যৰ শব্দত ৰজনজনাইছে চৌদিশ। এয়া যে দুর্গতিনাশিনী, মহিষমর্দিনী দেৱী দুর্গাৰ আৰাধনাৰ বতৰ...।


ব্ৰহ্মপুত্ৰ, বৰাক আদিনদীৰ লগতে চম্পাৱতী, দিখৌ, গৌৰাং আদি উপনদীৰ চাপৰিত শুকুলা দলিচা মেলি ফুলি উঠিছে চকুৰেনমনা দূৰলৈ কঁহুৱা। শৰতৰ শেৱালিয়ে দুৱৰিৰ সৈতে চুম্বন কৰা দৃশ্য এতিয়া য’তে ত’তে সহজলভ্য। বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰে তেখেতৰ শৰৎকবিতাত (কল্পনা কাব্যগ্রন্থ) লিখিছেঃ ‘পাৰেনা বহিতে নদী জলধাৰ, মাঠে মাঠে ধান ধৰে নাকো আক। অর্থাৎ শৰৎ ঋতু নৱ নৱ শস্য-সম্পদেৰে সৰ্বদিশে পূর্ণ থকাৰ ঋতু। সেয়ে এই মাহতেই দুর্গা পূজা অনুষ্ঠিত হয়। এই দুর্গা শব্দৰ ব্যুৎপত্তিগত অর্থ হ’ল {দুৰ (দুঃখঃ গম্ (গমন কৰা) ঋঅ (ৰ্ম্ম) দুর্গ ঋআ (স্ত্রীং) ঋঅ} যাক দুঃখত স্মৰণ কৰা যায়, কিম্বা যি দুর্গ অর্থাৎ সংকট হ'লে ৰক্ষা কৰে। মানুহৰ ধন বা অন্ন-বস্ত্ৰৰ অভাৱৰ দুখতকৈ ডাঙৰ দুখ আৰু কি আছে? সেয়ে দুর্গা পূজা বিধেয় (দ্রষ্টব্য, মার্কণ্ডেয় পুৰাণ, অ ৯২, লােক ১১-১২) আৰু পঞ্জিকাতাে বিধান আছে যে, বিশেষ বিশেষ যানবাহনে (গজ, নৌকা) দেৱী মৰ্তলৈ যােৱাৰ কাৰণে বসুন্ধৰা শস্যাপূর্ণ হয়। যি ভাবতেই হওক, দেৱী দুর্গা শস্যসমৃদ্ধিৰ সৈতে যুক্ত। পূজাৰ সময়, দুর্গাৰ অর্থ-তাৎপর্য তথা দেৱীৰ আগমন-গমনৰ বাহন আৰু ইয়াৰ ফলাফল ইত্যাদিৰ দ্বাৰা প্রমাণ কৰা হৈছে যে দেৱীশস্যসম্পৃক্তা। দুর্গা পূজাৰ অন্যতম প্রধান আৰু প্ৰাৰম্ভিক কর্ম হ’ল নৱপত্রিকাৰ পূজা।নবিধ উদ্ভিদ অথবা তাৰ সপত্ৰশাখাৰ যেনে কচু, শিলিখা, জয়ন্তী ফুল, বেল, ডালিম, অশােক, মানকচু আৰু ধান— এই আঠটি শস্যৰ শাখা এক সপত্র কলগছৰ সৈতে অপৰাজিতা লতা আৰু হালধিৰ ৰসত ডুবাই সূতাৰে বান্ধি ৰঙা পাৰিৰ বগা নতুন কাপােৰত দুটা বেল (নাৰীৰ স্তনৰ প্রতিরূপ) বান্ধি উৰণি দি কলগছৰ বােৱাৰী’ বনাই গণেশৰ কাষত স্থাপন কৰা হয়। লৌকিক বিশ্বাসত ই হ’ল গণেশৰ পত্নী।
পঞ্চম শতাব্দীতেই ৰচিত মার্কণ্ডেয় পুৰাণৰ মতে দেৱীৰ আন এক নাম হৈছে ‘বিন্ধ্যাবাসিনী’। বিভিন্ন পুৰাণত ৰজা সুৰথে প্রথমে দেৱীৰ পূজা কৰা বুলি কোৱা হৈছে। ৰজা সুৰথক বহুতেই উজ্জ্বল গৌৰবৰ্ণৰ আর্যবংশীয় মানুহ বুলি প্ৰচাৰ কৰিলেও, সুৰথ প্রকৃততে আছিল কোল জাতিৰ ৰজা। কোলসকল উপজাতীয়, চাওতাল বা ভিলসকলৰ দৰে। এই দেৱী তেওঁলােকৰেই উপাস্য। অষ্টম শতাব্দী আহি পায়হি মানে দেৱীৰ হাতৰ সংখ্যা বাঢ়িল। চাৰিখনৰ পৰা হ'লগৈ আঠখন। অষ্টভূজা এই দেৱীৰ হাতত আছেশংখ, খঙ্গ, খেটক, বাণ, ধনু, শূল আৰু আন এক হাতত তর্জনী মুদ্রা। দুর্গাস্তোত্রশতনাম’ গ্রন্থত বর্ণিত এই দেৱীৰ নাম ‘বনদুর্গা’। দেহৰ ৰং দুৱৰিৰ দৰে সেউজীয়া। এওঁ কোনাে ম'হ অথবা মহিষাসুৰক বধ কৰা নাই৷ তেওঁ গাঁওবাসীকসকলক ৰক্ষা কৰে। আকৌ, পুহ মাহৰ সংক্রান্তিকালত যিগৰাকী বনদুর্গা পূজা হয়, সেইগৰাকীৰ বৰ্ণনা দিবলৈ গৈ কোৱা হৈছে, ‘চতুর্ভূজা, ব্যাঘ্ৰাসীনা, ব্যাঘ্ৰাম্বৰ-পৰিহিতা, নীলজীমুত সংকাশা (নীলমেঘৰ দৰে)। এই বনদুর্গাগৰাকীক গ্রামদেৱীও বােলা হৈছে।
দুর্গাৰ হাতৰ সংখ্যা বাঢ়ি যােৱাৰ এক গ্রহণযােগ্য বাখ্যা আগবঢ়াইছে একাংশ আর্যসমাজৰ লােকে। তেওঁলােকে ভাৱে যে প্রকৃততে দুর্গাৰ হাত দুখনেই, বাকীবােৰ ৰূপকহে মাত্র। সামাজিক প্রয়ােজন অনুসৰি এইসমূহ ৰূপকৰ সৃষ্টি হৈছে। সমাজ বর্ণবিভক্ত হােৱাৰ পাছতেই চাৰিবৰ্ণৰ চাৰি হাতৰ হিচাপত দেৱীৰ হাতৰ সংখ্যা চাৰিখন কৰা হৈছিল। ইয়াৰ পাছত একেটা যুক্তিতেই দেৱীৰ হাতৰ সংখ্যা হ'লগৈ আঠখন (গাইপতি দুখনকৈ) ইয়াৰ পাছত সমাজত নাৰীসকলৰ স্থানক লৈ প্রশ্ন উঠিল। অর্ধ আকাশ নাৰীসকল পুৰুষৰ সমান হােৱা সত্ত্বেও তেওঁলােকৰ হাত নাই, সেইটো কেনেকৈ হয়? সেয়ে নাৰীপন্থীৰ সবল যুক্তিত যােগ দিয়া হয় আৰু দুখন হাত, অর্থাৎ মূলতঃ নাৰীশক্তি দেৱীক চাৰিবৰ্ণৰ আঠখন পুৰুষৰ হাতে সমর্থন দিয়াৰ উপৰি নাৰী দেৱীৰ দুখন হাতে ইয়াৰে যােগ হয়।
বংগদেশৰ গ্রামাঞ্চলত বনদুর্গাৰ উপৰিও অন্যান্য বহু দুৰ্গাৰ ৰূপক পূজা কৰা হয় যদিও ইয়াৰে বেছিভাগেই চণ্ডী নামেৰেহে প্রখ্যাত। যেনে নৱদুর্গা, শুভদুর্গা, ৰালদুর্গা, শুভচণ্ডী,ৰণচণ্ডী,ৰখাইচণ্ডী, ওলাইচণ্ডী, উৰণচণ্ডী, অবাকচণ্ডী, বসনচণ্ডী, ঢেলাইচণ্ডী, বকাইচণ্ডী আৰু মংগলচণ্ডী আদি। তদুপৰি মংগলচণ্ডীৰাে আকৌ জয়মংগলচণ্ডীৰাে, বাৰমাহৰ চণ্ডী, কল্পইমংগলচণ্ডী, হচিষমংগলচণ্ডী, সংকটামংগলচণ্ডী,নাটাইমংগলচণ্ডী ইত্যাদি বিভিন্ন ৰূপ আছে। মূর্তিসমূহতাে দেৱীৰনানা ৰূপ পােৱা গৈছে যদিও সিংহবাহিনী ৰূপটি ভাৰতৰ বাহিৰততা পােৱা গৈছে। ননা, তান্নিট, চিবিলি আদি ৰূপত দেৱীক বিশ্বৰ দুই প্রাচীন সভ্যতা মিছৰ আৰু গ্ৰীচদেশতাে পােৱা গৈছে। ভাৰতত খ্রীষ্টাব্দ প্রথম শতাব্দীৰ কণিষ্ক আৰু হুবিস্কৰ সময়ৰ মুদ্ৰাত সিংহবাহিনীৰ ছবি আছে। প্রথম চন্দ্রগুপ্ত আৰু সমুদ্রগুপ্তৰ সিংহহন্তা ৰাজমূর্তি আঁকা সােণৰ মুদ্ৰাত সিংহবাহিনী লক্ষ্মীৰ মূর্তি আছে। মধ্যপ্রদেশৰ উদয়গিৰিত (একালৰ ভিলসকল অঞ্চল ভিলচাৰ কাষত) বাৰহাতবিশিষ্ট দুৰ্গাৰ মূর্তি পােৱা গৈছে। পঞ্চম শতিকাত নির্মিত এই মূর্তিত দেৱীয়ে গােধা (শূল)ৰ জৰিয়তে মহিষাকৃতি দানৱক বধ কৰিছে। নালন্দাৰ মিউজিয়ামতে আজি মধ্যযুগৰ গােধাবহনকাৰী চতুর্ভুজা ব্ৰঞ্জৰ মুদ্ৰাত আছে অষ্টভূজা দেৱীমূর্তি। তদুপৰি বংগদেশত দেৱীয়ে বাঘৰ সলনি কিয় সিংহত উঠি আহে তাৰাে এক মনস্তাত্বিক ব্যাখ্যা বিচাৰিলে পােৱা যায়। মানুহে সদায়েই পৰিচিত শত্রুতকৈ অপৰিচিত শত্ৰুক বেছিকৈ ভয় কৰে। বংগদেশত বিশেষকৈ সুন্দৰবন অথবা তৰাই অঞ্চলত বাঘৰ অভাৱ নাই। সেয়েহে সি বঙালীৰ পৰিচিত শত্রু। কিন্তু গিৰ অৰণ্য অথবা হিমালয়ৰ সিংহ এই অঞ্চলৰ অচিনাকি শত্রু। সেয়েহে ইয়াক দেৱীৰ বাহন বনাই দিলে তাক নিশ্চয় দেৱীয়ে চম্ভালিব। এইবাবেই দেৱী বংগত সিংহবাহিনী। একেদৰেই পঞ্জাৱ-হিমাচলত দেৱী ব্যাঘ্ৰাবাহিনী শেৰােৱালী মাতা।
অসমত দুর্গোৎসৱৰ আগমনৰ লগে লগে ব্যস্ত হৈ পৰিছে বিভিন্ন অঞ্চলৰ মৃৎশিল্পীসকল। মাটিৰে গঢ়া মূর্তিক জীৱন্তৰূপত সজাবলৈ ব্যস্ত হৈ পৰিছে বছৰৰ প্রায় ছটা মাহেই কর্মহীন হৈ থকা মৃৎশিল্পীসকল।।
বুৰঞ্জীত উল্লেখ থকা মতে অসমত আহােম ৰজাৰ দিনৰে পৰাই দুর্গা পূজা অনুষ্ঠিত হৈ আহিছে। আহােম ৰাজবংশৰ সপ্তমগৰাকী স্বৰ্গদেউ চুচেংফা (১৬০৩১৬৪১)ই দেশৰ বিভিন্ন স্থানত দেৱী দুর্গাৰ আৰাধনা কৰা হয় বুলি জানিব পাৰি অসমতাে দুর্গা পূজা অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছিল। বুঢ়াৰজা হিচাপে পৰিচিত স্বৰ্গদেউ চুচেংফাই সেই মর্মে শিৱসাগৰৰ নিকটৱর্তী ভাটিয়াপাৰাত ৰাজপৰিয়ালৰ উদ্যোগত দুর্গতিনাশিনী দেৱী পূজাৰ আয়ােজন কৰিছিল। আহােম ৰাজবংশই দুর্গা পূজাৰ প্ৰচলন হােৱাৰ পূর্বে কোচবিহাৰৰ ৰজা নৰনাৰায়ণেও দুর্গা পূজা অনুষ্ঠিত কৰিছিল বুলি বুৰঞ্জীত উল্লেখ আছে। হিন্দু সম্প্রদায়টো বাদেই জৈন সম্প্রদায়ৰ | লােকসকলেও দুর্গা পূজা অনুষ্ঠিত কৰিবলৈ ল'লে।
ৰাজ্যত এতিয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিক লৈ ব্যাপক অস্থিৰ পৰিৱেশে বিৰাজ কৰি আছে। শৰতৰ সেউজীয়া স্পর্শ কৰি যােৱাৰ পিছততা চৰম আশংকাত বিশেষকৈ ধর্মীয় আৰু ভাষিক সংখ্যালঘু লােক। শতক ভালপােৱা, প্রকৃতিক ভালপােৱা, শেৱালিৰ প্ৰেমত পৰা ৰাজ্যবাসীৰ বাবে শৰতৰ বতৰত এয়া হৈ পৰিছে আটাইতকৈ অসহনীয় দুসংবাদ। সেয়ে এইহেন অভাৱনীয় পৰিস্থিতিৰ পৰা দেশ তথা ৰাজ্যবাসীৰ বাবে দুর্গতিনাশিনী দেৱী দুর্গাৰ শুভাশীষ তথা আশীর্বাদ অতি প্রয়ােজনীয় হৈ পৰিছে। সকলাে দুর্গতি তথা দুখ নিবাৰণৰ আশাৰেই ৰাজ্যবাসীয়ে দেৱী দুর্গাক আদৰিবলৈ এতিয়া সম্পূর্ণরূপে প্রস্তুত হৈছে।
(‘অসমীয়া সমাহাৰ’ত প্ৰকাশিত)
প্ৰকাশ কালঃ অক্টোবৰ, ২০১৮
ফোনঃ ৯৪৩৫৯ ৮৩২৩৫
Responsive Ads Here