বােকাখাত : অসম চৰকাৰৰ চাহ-জনজাতি কল্যাণ বিভাগৰ উদ্যোগত আৰু অসম চাহ-জনগােষ্ঠী সাহিত্য সভাৰ সহযােগত অহা ৬, ৭ আৰু ৮ জানুৱাৰী, ২০১৯ তাৰিখত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদে বােকাখাতৰ গড়মূৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰিব ‘সেউজ গ্রন্থমেলা’। এই ‘সেউজ গ্রন্থমেলা’ নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব লগা আছিল যদিও ৰাজ্যত সম্প্রতি পঞ্চায়ত নির্বাচনৰ পৰিপ্ৰেক্ষিতত পূর্বৰ সিদ্ধান্ত সলনি কৰি নতুন তাৰিখ নির্ধাৰণ কৰা হৈছে। অসম প্রকাশন পৰিষদৰ সচিবে প্রকাশ কৰা এটা প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে “সেউজ গ্রন্থমেলা’ৰ যাৱতীয়া প্রস্তুতি পূৰ্বৰ দৰেই অব্যাহত থাকিব। বিবৃতিটোত আৰু উল্লেখ কৰা হৈছে যে ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ চাহজনগােষ্ঠীৰ গৰিষ্ঠসংখ্যক লেখকে অংশগ্রহণ কৰিবলগীয়া এই গ্রন্থমেলালৈ ৰাজ্যখনৰ বহু বিশিষ্ট সাহিত্যিক তথা যুৱ সাহিত্যানুৰাগীকে আমন্ত্রণ জনােৱা হৈছে। ইতিমধ্যে সেউজ গ্রন্থমেলাত অংশগ্রহণৰ বাবে ইচ্ছুক গ্রন্থ বিপণীক অহা ১৫ ডিচেম্বৰৰ ভিতৰত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ পৰা প্ৰ-পত্র সংগ্রহ কৰিবলৈ আহ্বান জনােৱা হৈছে। সেউজ গ্রন্থমেলা উপলক্ষে প্রকাশ পাবলগীয়া স্মৃতিগ্রন্থ প্রকাশ সম্পর্কীয় কাম-কাজো পূর্ণগতিত চলাই থকা হৈছে। ৬ জানুৱাৰীৰ পুৱাৰ ভাগত অসমৰ মুখ্য মন্ত্রীয়ে উদ্বোধন কৰিবলগীয়া এই ‘সেউজ গ্রন্থমেলা’ত আলােচনা-চক্র, সহযাত্রা, স্মাৰক বক্তৃতা প্রদান, যুৱ সাহিত্যিকৰ বাবে সাহিত্যানুষ্ঠান, শিশুৰ মাজত বিভিন্ন প্রতিযেগিতা তথা প্রতি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী প্রস্তুত কৰা হৈছে। আগন্তুক ‘সেউজ গ্রন্থমেলা’খনি কৃতকার্য কৰি তােলাৰ ক্ষেত্ৰত উদ্যোক্তাসকলে অসমৰ ৰাইজৰ আন্তৰিক সহায়-সহযােগিতা কামনা কৰিছে।
Post Top Ad
Responsive Ads Here
November 27, 2018

৬ জানুৱাৰীৰ পৰা বােকাখাতত ‘সেউজ গ্রন্থমেলা’
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Author Details
No. 1 Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)