চেনাই মই যাওঁ দেই : জোনালীতে তৰাৱতীক চাই গ’লগৈ দীপালী বাইদেউ। - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

December 22, 2018

চেনাই মই যাওঁ দেই : জোনালীতে তৰাৱতীক চাই গ’লগৈ দীপালী বাইদেউ।


গুৱাহাটী : একক-অনন্য সুৰৰ পানচৈত শ্রোতা জনগণ মােহাৱিষ্ট হৈ থকা এক কালজয়ী কণ্ঠৰ পৰিসমাপ্তি ঘটিল। খহি পৰিল অসমৰ সাংস্কৃতিক আকাশৰ আন এক ধ্ৰুৱতৰা। সময় পালে এবাৰৰ বাবে হলেও গাঁৱৰ সহজ-সৰল জীৱন চোৱাৰ বাবে সাদৰী মাতেৰে ‘বন্ধু’ক নিমন্ত্রণ জনাবলৈ ‘অসমৰ নাইটিংগেল দীপালী বৰঠাকুৰ আৰু নাই। জোনধনে জোনালীতে তৰাৱতীক চাই জীৱন নাট সামৰি অনন্ত ধামলৈ গ'লগৈ মৰমৰ দীপালী বাইদেউ। দুৰাৰােগ্য ‘মটৰ নিউৰনত আক্ৰান্ত হৈও সাহসেৰে জীয়াই থকা কোকিলকণ্ঠী শিল্পীগৰাকীয়ে চিকিৎসাধীন অৱস্থাতে গুৱাহাটীৰ ভঙাগড়স্থিত নেমকেয়াৰ হাস্পতালত দিনৰ ১.২৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে। শেহতীয়াকৈ নিউমনিয়া ৰােগত আক্ৰান্ত হৈছিল দীপালী বাইদেউ। যাৰ বাবে যােৱা সােমবাৰৰ পৰা তেওঁ নেমকেয়াৰ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল। ইয়াৰ পূর্বেও কেইবাবাৰাে চিকিৎসালয়ত ভর্তি হ'বলগীয়া হৈছিল তেওঁ। গুণমুগ্ধৰ শুভেচ্ছা আৰু চিকিৎসকৰ চেষ্টাত প্রতিবাৰেই তেওঁ সুস্থ হৈ উভতি গৈছিল বেলতলাৰ সৌৰভ নগৰৰ ঘৰখনলৈ, জীৱন লগৰী প্রখ্যাত চিত্রশিল্পী নীলপৱন বৰুৱাৰ কাষলৈ। কিন্তু বিধিৰ লিখন— এইবাৰ সেয়া নহ'লগৈ। পুষ্পসজ্জিত ৰথত, গুণমুগ্ধৰ শােক সমদলৰ মাজতহে চিকিৎসালয়ৰ পৰা নিজ ঘৰলৈ গ’ল বগা কাপােৰৰ তলত শুই থকা দীপালী বাইদেউ। মৃত্যুৰ সময়ত কোকিলকণ্ঠী শিল্পীগৰাকীৰ বয়স
হৈছিল ৭৭ বছৰ। ষাঠিৰ দশকৰ পৰাই প্ৰতিজন অসমীয়াৰ কাণত বাজি থাকা যাদুকৰী কণ্ঠ চিৰদিনৰ বাবে হেৰাই যােৱা বুলি যেন বিশ্বাস কৰিবলৈ কঠিন হৈ পৰিছে প্রতিজন অনুৰাগীৰ বাবে। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধই ভিৰ কৰে নেমকেয়াৰ হাস্পতাল চৌহদত। নিজৰ প্রিয় শিল্পীগৰাকীক শেষবাৰৰ বাবে এবাৰ দৰ্শন কৰিবলৈ হেতা-ওপৰা লগায় অনুৰাগীসকলে।শুক্ৰবাৰে বিয়লি প্রায় ৩ বজালৈ শিল্পীগৰাকীৰ নশ্বৰ দেহ হাস্পতাল চৌহদত শেষ শ্রদ্ধাৰ বাবে ৰখা হয়। ৰাজ্যৰ সাংস্কৃতিক মন্ত্রী নৱ দলেই হাস্পতালত উপস্থিত হৈ ফুলৰ তােৰাৰে শিল্পীগৰাকীৰ প্রতি শেষ শ্রদ্ধা জ্ঞাপন কৰে। হাস্পতাল চৌহদতে তেওঁ ঘােষণা কৰে যে ৰাজ্যিক মর্যাদাৰে নৱগ্ৰহ শ্মশানত দীপালী বৰঠাকুৰৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। ইপিনে, মৃত্যুৰ বাতৰি পােৱাৰ লগে লগে অসম ৰাজ্যিক চলচ্চিত্র বিত্তীয় নিগমৰ অধ্যক্ষ যতীন বৰা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালিকাকে ধৰি চৰকাৰী উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ শিল্পীগৰাকীলৈ শ্রদ্ধা জ্ঞাপন কৰে। দীপালী বৰঠাকুৰৰ বিয়ােগত গভীৰ শােক প্রকাশ কৰি অভিনেতা তথা চলচ্চিত্র বিত্তীয় নিগমৰ অধ্যক্ষ যতীন বৰাই কয় যে এটা যুগৰ অৱসান ঘটিল। শৈশৱৰ পৰাই কণ্ঠশিল্পীগৰাকীৰ গীত শুনি শুনিয়েই সংগীতৰ প্রতি আকৃষ্ট হােৱাৰ কথাও উল্লেখ কৰি তেওঁ কয়— তেওঁৰ দৰে এগৰাকী শিল্পী পুনৰ জন্ম নহ’ব। সঁচা অর্থত এটা গীত নােহােৱা হৈ গ'ল। শিল্পীগৰাকীৰ সুষ্টিৰাজি জীয়াই ৰখাৰ বাবে চৰকাৰে সকলাে ধৰণৰ পদক্ষেপ গ্রহণ কৰিব। বিশিষ্ট সংগীত শিল্পী সুর্য দাস, নেমকেয়াৰ হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ হিতেশ বৰুৱা, প্রবীণ সাংবাদিক হাইদৰ হুছেইন, চলচ্চিত্র পৰিচালক ৰাজেশ ভূঞা, কণ্ঠশিল্পী তৰালি শর্মা, অভিনেতা হিৰণ্য দাসকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে হাস্পতাল চৌহদত দীপালী বৰঠাকুৰৰ নশ্বৰ দেহত পুস্পাঞ্জলি অর্পণেৰে শেষ শ্রদ্ধা জ্ঞাপন কৰে। কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত শােক প্রকাশ কৰি হাইদৰ হুছেইনে কয় যে দীপালী বৰঠাকুৰৰ গায়কী, সুৰ, কণ্ঠই সদায়েই তৰুণ প্রজন্মৰ বাবে অনুপ্ৰেৰণা হৈ ৰ'ব। অসুস্থতা সত্ত্বেও দীপালী বৰঠাকুৰ আমাৰ মাজত প্ৰেৰণা হৈ জীয়াই আছিল। তদুপৰি অসুস্থতা সত্ত্বেও চিত্রশিল্পী নীলপৱন বৰুৱাৰ সৈতে কটোৱা যুগ্মজীৱন দেশৰ ভিতৰতে এক বিৰল ঘটনা হিচাপে বিবেচিত। ই এক উদাহৰণৰ সৃষ্টি কৰিছে। চিকিৎসালয় চৌহদত চমু শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ অন্তত বিয়লি প্রায় ৪ বজাত এখন পুষ্পসজ্জিত বাহনেৰে তেওঁৰ নশ্বৰ দেহ বেলতলাৰ সৌৰভ নগৰস্থিত বাসগৃহলৈ নিয়া হয়। উল্লেখ্য যে ১৯৪১ চনৰ ৩০ জানুৱাৰীত শিৱসাগৰ জিলাৰ টিংখাঙৰ নীলমণি চাহ বাগিচাত বিশ্বনাথ বৰঠাকুৰৰ ঔৰসত আৰু চন্দ্রাকান্তি দেৱীৰ গৰ্ভত জন্মলাভ কৰিছিল বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে। পৰৱর্তী সময়ত মােমায়েকৰ ঘৰত থাকি ফুলেশ্বৰী হাইস্কুলত হাইস্কুলীয়া শিক্ষা গ্রহণ কৰিছিল দীপালী বাইদেৱে। পঢ়ি থকা কালতে নিজৰ সংগীত প্রতিভাৰে তেওঁ জিলিকি উঠিছিল। নৱম শ্ৰেণীত পঢ়ি থকাৰ সময়তে অডিচন নিদিয়াকৈয়ে আকাশবাণী গুৱাহাটীত গীত গােৱাৰ সুবিধা লাভ কৰিছিল তেওঁ। পৰাগ চলিহাৰ চাৰি হাজাৰ বছৰৰ অসম' শীর্ষক আলেখ্যত দীপালী বৰঠাকুৰে পৰিৱেশন কৰা গীতে সেই সময়ৰ আকাশবাণী গুৱাহাটীৰ সঞ্চালক ড° নাটেছ আৰু প্রযােজক ফণী তালুকদাৰক মুগ্ধ কৰিছিল। তেওঁলােকে বৰঠাকুৰক আকাশবাণীত গান গােৱাৰ সুযােগ প্রদান কৰে। তেওঁৰ প্ৰথম অনাতাঁৰ গীত হৈছে লীলা গগৈৰ ‘অ’ বােপাই লাহৰী, নাপাইছোঁ আহৰি। তদুপৰি তেওঁ এটা লক্ষ্মীনামাে পৰিৱেশন কৰিছিল। প্রথমে আকাশবাণীৰ অস্থায়ী শিল্পী হিচাপে গীত পৰিৱেশন কৰিলেও পাছত বাছনিত উত্তীর্ণ হৈ তেওঁ আকাশবাণীৰ স্থায়ী শিল্পীৰ স্বীকৃতি লাভ কৰে। নিয়মীয়া শিল্পী হিচাপে তেওঁৰ প্ৰথম গীতটো আছিল ৰুদ্র বৰুৱাৰ অত্যন্ত জনপ্রিয় গীত ‘বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা'। তাৰ পাছত যেন সংগীতৰ ক্ষেত্ৰখনত উভতি চাবলগীয়া হােৱা নাছিল এইগৰাকী যশস্বী শিল্পীয়ে। এটাৰ পাছত আন এটা চিৰসেউজ গীতেৰে সমৃদ্ধ কৰি গৈছিল সংগীত জগতখনক। প্ৰৱেশিকা পৰীক্ষা দিয়াৰ পাছতে ১৯৫৯ চনত দীপালী বৰঠাকুৰে প্ৰথম ছবিত গীত গােৱাৰ আমন্ত্রণ লাভ কৰে। প্ৰাগজ্যোতি কলা পৰিষদে নির্মাণ কৰা লাচিত বৰফুকন' নামৰ ছবিখনত বৰঠাকুৰে যৌৱনে আমনি কৰে’ শীর্ষক গীতত কণ্ঠদান কৰে। একে সময়তে ‘ওপজা সােণৰ মাটি অ” আৰু এই মাটিতে মৰোঁ যদি’ শীর্ষক দুটা সমৱেত সংগীততাে তেওঁ কণ্ঠদান কৰে। কটন কলেজত উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰাৰ পাছতে দীপালী বাইদেউৰ সংগীত জীৱনৰাে প্ৰসাৰ ঘটে। সেই সময়ছােৱাত ফণী তালুকদাৰ, লক্ষ্যহীৰা দাস, অপূর্ব দাস, বলেন হাজৰিকা, মুকুল বৰুৱা, ৰুদ্ৰ বৰুৱা, বীৰেন্দ্ৰনাথ দত্ত, পুৰুষােত্তম দাস, নির্মলপ্রভা বৰদলৈৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ সান্নিধ্যই দীপালী বৰঠাকুৰৰ সংগীতৰ পৃথিৱীখনক আৰু উজ্জীৱিত কৰি তােলে। অৱশ্যে বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে গােৱা অধিকাংশ গীতৰে কথা আছিল ৰুদ্ৰ বৰুৱা আৰু নির্মল প্রভা বৰদলৈৰ। তদুপৰি ককায়েক ভবেন বৰঠাকুৰৰাে বহু গীতত তেওঁ কণ্ঠ নিগৰাইছে। একে সময়তে তেওঁৰ অধিকাংশ গীতেই এইচ এম ভিত ৰেকর্ডিং কৰা হৈছিল। দীপালী বৰঠাকুৰে কণ্ঠদান কৰা চিৰসেউজ গীতসমূহৰ ভিতৰত অন্যতম হৈছে- ‘সােণৰ খাৰু নেলাগে মােক’, ‘জোনধনে জোনালীতে তৰাৱতীক চাই’, ‘কণমান বৰশীৰে চিপ', ‘সময় পালে আমাৰ ফালে এবাৰ আহি যাবা। তাহানিৰ ৰেডিঅ’-গ্রামােফোনৰ যুগৰ পৰা আৰম্ভ কৰি আজিৰ
একবিংশ শতিকাতাে তিলমানাে জনপ্রিয়তা কমা নাই এইগৰাকী শিল্পীৰ। অৱশ্যে সংগীতৰ ক্ষেত্ৰখনৰ চূড়ান্ত শিখৰত আৰােহণ কৰাৰ সময়তে মটৰ নিউৰন নামৰ এটা জটিল ৰােগত আক্ৰান্ত হৈ তেওঁ চিৰদিনৰ বাবে কণ্ঠ
হেৰুৱাই পেলায়। অচল হৈ পৰে শৰীৰ। এই দুৰাৰােগ্য ৰােগত আক্ৰান্ত হৈ কণ্ঠ হেৰুৱাবলগীয়া নহ’লে স্বনামধন্য শিল্পী লতা মংগেশকাৰৰ দৰে জিলিকি উঠিলহেঁতেন বুলিও সাংস্কৃতিক মহলত চর্চা চলি আহিছে। সংগীতক ভগৱান হিচাপে পূজা কৰা শিল্পীগৰাকীৰ এই অসুস্থতাই মর্মাহত কৰি তােলে অসংখ্য গুণমুগ্ধক। কিন্তু বিশিষ্ট শিল্পীগৰাকীৰ সুললিত কণ্ঠক যেন কালৰ বুকুত হেৰাই যাবলৈ নিদিয়াৰ বাবে অংগীকাৰবদ্ধ হৈ ৰল শুভাকাংক্ষী। প্রায় ১৫ বছৰৰ ভিতৰতে তেওঁ গােৱা এমুঠিমান গীতে প্রজন্মৰ পাছত প্ৰজন্মৰ মাজত সেই একেই জনপ্রিয়তাৰ ধাৰা অব্যাহত ৰাখিছে। অসমৰ সংগীত জগতলৈ বৰঙণি আগবঢ়োৱা এইগৰাকী শিল্পীক কেইবাটাও সন্মানীয় বঁটাৰে সন্মানিত কৰা হৈছে। ১৯৯৮ চনত ভাৰত চৰকাৰে সংগীত সম্পদ’ দীপালী বাইদেউক পদ্মশ্রী সন্মানেৰে সন্মানিত কৰে। তদুপৰি অসম চৰকাৰে শিল্পী বঁটা আৰু সদৌ অসম লেখিকা সমাৰােহ সমিতিয়ে আইদেউ সন্দিকৈ শিল্পী বঁটাৰে তেওঁক সন্মানিত কৰিছে। প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে মটৰ নিউৰন’ ৰােগত আক্রান্ত হােৱাৰ পুর্বে ১৯৬৯ চনত তেওঁ শেষৰটো গীত বাণীবদ্ধ কৰে। দুৰাৰােগ্য এই ৰােগত আক্ৰান্ত হৈ থকা অৱস্থাতে ১৯৭৬ চনৰ ৭ মার্চত তেওঁ বিশিষ্ট চিত্রশিল্পী নীলপৱন বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেতিয়াৰ পৰাই নীলপৱন বৰুৱাই ছায়াসংগীৰ দৰে তেওঁৰ সকলাে দায়িত্ব পালন কৰি যায়। এক কথাত শিল্পী নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰ আছিল ইজনে সিজনৰ পৰিপূৰক৷
Responsive Ads Here