অব্যাহত আছে নির্বাচন-কেন্দ্রিক হিংসা - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

December 8, 2018

অব্যাহত আছে নির্বাচন-কেন্দ্রিক হিংসা


গুৱাহাটী : প্রথম পর্যায়ৰ পঞ্চায়ত নির্বাচনৰ বাবে ভোট গ্রহণ প্রক্রিয়া সমাপ্ত হ’ল যদিও ৰূপহীহাটত কালিৰে পৰা সংঘটিত বিক্ষিপ্ত ঘটনা আজিও অব্যাহত আছে৷ কালি জুৰীয়াৰ বগৰীগুৰি গাঁও পঞ্চায়তৰ অন্তর্গত এটা ভোটগ্রহণ কেন্দ্রত সন্ধ্যা পর্যন্ত ভোটগ্রহণ প্রক্রিয়া চলি থকাৰ সময়ত কংগ্রেছ আৰু অগপৰ কর্মীৰ মাজত সংঘটিত মাৰপিটত এজন লোক আহত হৈছিল৷

ইপিনে কালি জুৰীয়াৰ সমীপৰ মাহেৰীপাৰ ভোটকেন্দ্রত দুটা দলৰ মাজত হোৱা বাকবিতণ্ডাক লৈ আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে, মাহেৰীপাৰ গাঁও পঞ্চায়তৰ সভাপতি পদৰ নির্দলীয় প্রার্থী মোজাম্মিল হকৰ ভতিজাক মাহমাদুল হুছেইনক আজি পুৱা বিদ্যালয়লৈ আহি থকা অৱস্থাত কংগ্রেছৰ প্রার্থী বিল্লাল উদ্দিনৰ ঘনিষ্ঠ কর্মী ৰূপে পৰিচিত ফাৰুক আহমেদ আৰু একাংশ সমর্থকে আগচি ধৰি মাৰপিট কৰে৷

ইয়াক লৈ পঞ্চায়তটোত উত্তেজনাৰ সৃষ্টি হয়৷ পাছত নির্দলীয় প্রার্থীগৰাকীৰ শতাধিক সমর্থকে জুৰীয়া আৰক্ষী থানাত উপস্থিত হৈ ফাৰুক আহমেদৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰাৰ লগতে এখন এজাহাৰ দাখিল কৰে৷ উল্লেখযোগ্য যে ফাৰুক আহমেদ আমছুৰ নগাঁও জিলা সমিতিৰ সম্পাদক বুলিও জানিব পৰা গৈছে৷

হিংসাত্মক ঘটনা সন্দর্ভত বিজেপিৰ প্রার্থীক আটক : নগাঁৱৰ নিজা প্রতিবেদক : নগাঁও জিলাৰ ৰাইদঙীয়াত কালি ভোটগ্রহণৰ দিনা সংঘটিত মাৰপিটৰ ঘটনা সন্দর্ভত স্থানীয় জাজৰি আৰক্ষীয়ে প্রাঞ্জল দাস নামৰ বিজেপিৰ প্রার্থী এজনক আটক কৰে৷ উল্লেখযোগ্য যে বটদ্রৱা সমষ্টিৰ অন্তর্গত ৰাইদঙীয়া গাঁও পঞ্চায়তৰ বিজেপিৰ আঞ্চলিক সদস্য পদৰ প্রার্থী প্রাঞ্জল দাসৰ নেতৃত্বত একাংশ গুণ্ডাই অগপৰ ৰাইদঙীয়াৰ নির্বাচনী প্রচাৰ সমিতিৰ সম্পাদক নিতুমণি বৰাক ৰড আৰু লাঠীৰে আক্রমণ কৰি আহত কৰিছিল৷

ঘটনা সন্দর্ভত কালি নিশাই অগপৰ একাংশ কর্মীয়ে স্থানীয় জাজৰি আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত আজি পুৱা আৰক্ষীয়ে নির্বাচনী হিংসাত লিপ্ত বিজেপিৰ প্রার্থী প্রাঞ্জল দাসক আটক কৰি সোধা-পোছা কৰে যদিও বিয়লি তেওঁক মুকলি কৰি দিয়াত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ এই সন্দর্ভত ৰাইদঙীয়া অগপৰ আঞ্চলিক সমিতিয়ে আৰক্ষীৰ ভূমিকাক ৰহস্যজনক আখ্যা দি ইয়াৰ আঁৰত শাসকীয় দলৰ বিধায়িকা আঙুৰলতা ডেকা থকাৰ কথা উল্লেখ কৰে৷ অগপৰ অভিযোগ, হিংসাত্মক ঘটনা সংঘটিত কৰা বিজেপিৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্রার্থী প্রাঞ্জল দাসক গ্রেপ্তাৰ কৰাৰ পৰিৱর্তে আৰক্ষীয়ে বটদ্রৱা সমষ্টিৰ বিধায়িকাগৰাকীৰ কথা মতে মুকলি কৰি দিয়ে৷

লাহৰীঘাটত বিজেপিৰ সমর্থকক কংগ্রেছীৰ আক্রমণ: লাহৰীঘাটৰ নিজা বাতৰি দিওঁতা: মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তর্গত হয়বৰগাঁও পঞ্চায়তত কালি অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নির্বাচনত ভোটদানক কেন্দ্র কৰি আজি পঞ্চায়তখনৰ কংগ্রেছী গুণ্ডাবাহিনী এটাই বিজেপিৰ সমর্থক পিতা-পুত্রৰ ওপৰত তাণ্ডৱ চলায়৷

উল্লেখযোগ্য যে কালি অনুষ্ঠিত হৈ যোৱা প্রথম পর্যায়ৰ নির্বাচনত হয়বৰগাঁও পঞ্চায়তত সমৰ আলী নামৰ ব্যক্তি এজনৰ পুত্র জিয়াৰুল ইছলামে বিজেপিৰ প্রার্থীসকলৰ হৈ ভোটকেন্দ্রত প’লিং এজেণ্ট হিচাপে কাম কৰিছিল৷ ইফালে পঞ্চায়তখনৰে ইব্রাহীম হাজী নামৰ কংগ্রেছী সমর্থকে বহুদিনৰে পৰা পিতা-পুত্র ক্রমে সমৰ আলী আৰু জিয়াৰুলক কংগ্রেছত ভোট দিবলৈ হেঁচা প্রয়োগ কৰি অহা বুলি জানিব পৰা গৈছে৷

ইয়াৰ পাছতো তেওঁলোকে কালি নির্বাচনত বিজেপিৰ হৈ কাম কৰাত ক্ষুব্ধ হৈ উঠে কংগ্রেছী গুণ্ডাজন৷ আনকি ক্ষুব্ধ কংগ্রেছী গুণ্ডাজনে যোৱা নিশাই পিতা-পুত্রৰ ওপৰত আক্রমণৰ ব্লুপ্রিণ্ট ৰচনা কৰে যদিও এই কথা জানিব পাৰি তেওঁলোকে পলায়ন কৰি প্রাণৰক্ষা কৰে৷ ইয়াৰ পাছতো আজি পুৱা বিজেপিৰ সমর্থক সমৰ আলীক ধৰি অত্যাচাৰ চলোৱাৰ উপৰি পুত্র জিয়াৰুলক বৰালিমাৰী বজাৰত ইব্রাহিম হাজী, আশ্রব আলী ওৰফে বাবুল, মহিবুৰ ৰহমান, হাকিম উদ্দিনসহ ১০-১২ জনীয়া কংগ্রেছৰ গুণ্ডা বাহিনীটোৱে আগচি ধৰি প্রাণনাশৰ চেষ্টা চলাই যদিও স্থানীয় লোকৰ সহযোগত যুৱকজন ৰক্ষা পৰে৷

অভিযোগ মতে, যুৱকজনক গুণ্ডা বাহিনীটোৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ যোৱাত স্থানীয় লোকসকলকে ওলোটাকৈ আক্রমণৰ কাৰণে খেদি আহে৷ কংগ্রেছী দলটোৰ এনে কাণ্ড দেখি স্থানীয় লোকসকলো ক্ষুব্ধ হৈ পৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পাছত ঘটনাৰ খবৰ পাই ভূৰাগাঁও থানাৰ আৰক্ষীসহ অর্ধসামৰিক বাহিনীৰ জোৱান গৈ উপস্থিত হোৱাত পৰিস্থিতি কিছু শাম কাটে যদিও বৰালিমাৰী বজাৰত এতিয়াও উত্তেজনাই বিৰাজ কৰি আছে৷

ইফালে আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ জোৱান ঘটনাস্থলীত গৈ উপস্থিত হোৱাৰ পাছতে কংগ্রেছী গুণ্ডাৰ দলটো পলাই-পত্রং দিয়ে৷ আক্রমণৰ বলি হোৱা যুৱকজনে জনোৱা মতে, যিকোনো মুহূর্ততে পিতা-পুত্রক ইব্রাহিমে হত্যা কৰাৰ ভাবুকি দিছে৷ ইয়াক লৈ এতিয়া নিৰাপত্তাহীনতাত ভুগিছে পিতা-পুত্র, বিচাৰিছে আৰক্ষী অধীক্ষকৰ হস্তক্ষেপ৷
Responsive Ads Here