অৰুণাচলৰ লংডিঙত এন এছ চি এন (আই এমৰ) ৩ উগ্ৰপন্থী নিহত - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

December 8, 2018

অৰুণাচলৰ লংডিঙত এন এছ চি এন (আই এমৰ) ৩ উগ্ৰপন্থী নিহত


লিডু : সহস্ৰ বিদ্ৰোহী নগা উগ্ৰবাদী সংগঠন এন এছ চি এনৰ লগতে আলফাৰ মুক্ত বিচৰণভূমি হিচাপে পৰিগনিত অৰুণাচল প্ৰদেশৰ লংডিঙ জিলাত বৃহস্পতিবাৰৰ নিশা পৰা আজি পুৱাৰ ভাগলৈকে এন এছ চি এন(আই এম) গোটৰ আৰু অসম ৰাইফলছেৰে হোৱা সংৰ্ঘষত তিনিজনকৈ দুধৰ্ষ সন্ত্ৰাসবাদী সদস্য নিহত হয়। নিহত হোৱা উগ্ৰপন্থীৰ সদস্য কেইজনৰ ভিতৰত দুজনৰ নামত বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও এজন এন এছ চি এন (আই এম) শিবিৰৰ কেপ্টেন এ টাংখোল বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰনী অনুসৰি অৰুণাচলৰ লংডিঙৰ মুক্তৱা নামৰ অঞ্চলত এন এছ চি এন আই এমৰ এটা ১২/১৪ জনীয়া উগ্ৰপন্থীৰ দলে আত্মগোপন কৰি থকাৰ খবৰ ১৬নং অসম ৰাইফলছে গোপন সুত্ৰে লাভ কৰে ৷
এটা বৃহৎ দলে এলেকাটোত বাহৰ পতাৰ তথ্য অসম ৰাইফলছৰ হাতত আহি পৰাৰ পাছতেই ১৬নং অসম ৰাইফলছৰ এটা বৃহৎ দলে লংডিঙৰ মুক্তৱা অঞ্চলত অতৰ্কিতে অভিযান চলায় ৷

অভিযান কালত দুয়োপক্ষৰ মাজত তুমূল সংৰ্ঘষৰ সৃষ্টি হয়। দুয়ো পক্ষৰ মাজত প্ৰচণ্ড গুলীয়া গুলী হোৱাৰ পাছত এন এছ চি এন আই এম উগ্ৰপন্থীৰ দুজনকৈ সদস্য কালিৰ নিশাৰ ভাগতে নিহত হয় ।

ইফালে বৰ্তমানলৈকে চলি থকা অভিযানত আজি পুৱাৰ ভাগত আই এম উগ্ৰপন্থীৰ শিবিৰৰ এজন দুধৰ্ষ সন্ত্ৰাসবাদী কেপ্টেন এ টাংখোলক সেনাই গুলীয়াই হত্যা কৰে। নিহত তিনিজন উগ্ৰপন্থী সদ্যৰ ভিতৰত বাকী দুজনৰ প্ৰকৃত পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ নিহত উগ্ৰপন্থী ৩জনৰ পৰা সেনাই বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে ২৫,০০০ হেজাৰ টকা নগদ ধন উদ্ধাৰ কৰে ৷
Responsive Ads Here