কিয় হােৱা নাই অসমৰ নেলী হত্যাকাণ্ডৰ বিচাৰ ? - SANGBAD PRAHARI

Breaking

বিজ্ঞাপন

Post Top Ad

Responsive Ads Here

February 18, 2019

কিয় হােৱা নাই অসমৰ নেলী হত্যাকাণ্ডৰ বিচাৰ ?


স্বাধীন ভাৰতৰ ১৯৮৩ চনৰ নেলী হত্যা, দিল্লীত ১৯৮৪ চনৰ শিখ হত্যাকাণ্ড আৰু গুজৰাটত ২০০২ চনৰ সাম্প্রদায়িক সংঘর্ষ অতি বৰ্বৰ, অমানৱীয়, জঘন্যতম আৰু ইতিহাস কলংকিত ঘটনা ৰূপে বিবেচিত হৈছে। সভ্য সমাজত এনেকুৱা ধৰণৰ ঘটনা পৃথিৱীৰ ইতিহাসত বিৰল। পৃথিৱীৰ বৃহত্তম গণতান্ত্রিক ধর্মনিৰপেক্ষ ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ অমানৱীয় ঘটনা সংঘটিত হােৱাত বিশ্বৰ দৰবাৰত দেশৰ ভাবমূর্তি বহু পৰিমাণে ম্লান নপৰা নহয়। উল্লেখিত তিনিটা হত্যাকাণ্ডৰ বাহিৰেও দেশত সৰু-সুৰা সাম্প্রদায়িক অনেক ঘটনা ঘটিলেও এই তিনিটা হত্যাকাণ্ড হৈছিল সম্পূর্ণকৈ ৰাজনৈতিক ছত্রছায়াত। দেশৰ প্রশাসন ব্যৱস্থাৰ প্রত্যক্ষ আৰু পৰােক্ষ সহযােগিতাত যেতিয়া সেই দেশৰ একাংশ নাগৰিকক জীৱ-জন্তুৰ দৰে হত্যা কৰা হয়, তেন্তে তেনেকুৱা দুর্বল সংখ্যালঘু সম্প্রদায়ৰ উপায়বিহীন হৈ মৃত্যুৰ সকলাে যন্ত্রণা নীৰৱে সহ্য কৰিব লগা হয়। উল্লেখযােগ্য যে তিনিটা হত্যাকাণ্ড দেশৰ দুর্বল সংখ্যালঘু সম্প্রদায়ক লক্ষ্য কৰি কৰা হৈছিল। ১৯৮৩ চনৰ নেলীৰ লগতে ৰাজ্যখনৰ অন্যান্য কিছুমান বিশেষ অঞ্চলৰ ধর্মীয় আৰু ভাষিক সংখ্যালঘুক হত্যা কৰা হৈছিল। ১৯৮৪ চনত দিল্লীত শিখ সম্প্রদায়ক হত্যা কৰা হৈছিল আৰু ২০০২ চনত গুজৰাটত ধর্মীয় সংখ্যালঘুক হত্যা কৰা হৈছিল। প্রণিধানয্যেগ্য যে প্রতিটো হত্যাকাণ্ডত বেচৰকাৰী হিচাপত চাৰিৰ পৰা প্রায় পাঁচ হাজাৰ লােকৰ প্রাণহানি হৈছিল। লগতে অলেখ মূল্যৱান সা-সম্পত্তিও ধ্বংস হৈছিল। দেশৰ প্রশাসন ব্যৱস্থাৰ উপস্থিতিত এনেকুৱা ধৰণৰ হাজাৰ হাজাৰ লােকৰ প্রাণ নাশ হােৱা সত্ত্বেও প্রশাসনৰ নীৰৱ দৰ্শকৰ ভূমিকা আছিল অতিকৈ পক্ষপাতমূলক আৰু নিন্দনীয়। উল্লেখযােগ্য যে নেলী হত্যাৰ বাদে বাকী দুটা গণহত্যা, অর্থাৎ দিল্লীৰ শিখ গণহত্যা (১৯৮৪ চন) আৰু গুজৰাট গণহত্যাৰ (২০০২) বিচাৰ প্রক্রিয়া দেৰিকৈ হ'লেও চলি আছে আৰু কিছুসংখ্যক অভিযুক্ত শাস্তিও হৈ আছে। পৰিতাপৰ বিষয় যে স্বাধীন ভাৰতৰ আটাইতকৈ ডাঙৰ গণহত্যা নেলী হত্যাকাণ্ড (১৯৮৩)ৰ বিচাৰ আজিলৈ নহ’ল আৰু হত্যাকাৰীৰ শাস্তিও নহ’ল আৰু ভুক্তভােগীয়ে ন্যায়াে আজিলৈ নাপালে। অন্যহাতে দেৰিকৈ আৰু অতি কষ্টৰ মাজেদি হলেও শিখ দাংগা (১৯৮৪) আৰু গুজৰাট দাংগা (২০০২)ৰ বিচাৰ আংশিক হলেও হ’বলৈ আৰম্ভ হৈছে। গণতান্ত্রিক দেশত স্বাধীন নিৰপেক্ষ আইন ব্যৱস্থা থকা সত্ত্বেও হাজাৰ হাজাৰ লােকৰ হত্যাকাণ্ডৰ বিচাৰ নােহাৱাকৈ থকাটোৱে দেশৰ ন্যায়িক ব্যৱস্থাৰ বিফলতাকে নুসূচায় জানাে? দেশৰ মানৱ অধিকাৰ সংস্থা আৰু সংখ্যালঘু আয়ােগেও এনেকুৱা জঘন্যতম হত্যাকাণ্ডৰ ভুক্তভােগীক ন্যায় প্রদানৰ ক্ষেত্ৰত বিফল হােৱাটোক উক্ত সংস্থাসমূহৰ অকর্মণ্যতাকে নুসূচায় জানাে?

১৯৮৪ চনৰ ৩১ অক্টোবৰ তাৰিখে তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ দুজন শিখ সম্প্রদায়ৰ দেহৰক্ষীয়ে ৰাতিপুৱা প্রায় ১০ বজাত প্রধানমন্ত্রী ইন্দিৰা গান্ধীক গুলীয়াই হত্যা কৰাৰ ফলশ্ৰুতিত ১ নৱেম্বৰৰ পুৱাৰ পৰা ৪ নৱেম্বৰলৈ দিল্লীকে আদি কৰি দেশৰ বিভিন্ন প্রান্তত কংগ্ৰেছ কৰ্মীসকলে শিখ নিধন কার্যসূচী প্রশাসনৰ ছত্রছায়াত সুপৰিকল্পিতভাৱে অব্যাহত ৰাখিছিল। চাৰিদিনীয়া শিখ নিধনযজ্ঞত প্রায় চাৰি হাজাৰমান শিখ লােকক নির্মমভাৱে হত্যা কৰা হৈছিল। অকল দিল্লীতে প্রায় দুহেজাৰৰাে অধিক শিখ হত্যা কৰা হৈছিল আৰক্ষী প্রশাসনৰ সহায়ত। চাক্ষুষ সাক্ষীৰ মতে কংগ্ৰেছৰ অনেক বিধায়ক-সাংসদ-মন্ত্রীয়ে এই জঘন্য হত্যাকাণ্ডত প্রত্যক্ষভাৱে জড়িত থাকি দুষ্কৃতিকাৰীক উৎসাহিত কৰিছিল। তাৰ ভিতৰত তেতিয়াৰ দিল্লীৰ কংগ্ৰেছ সাংসদ সজ্জন কুমাৰ আৰু জগদীশ টাইটলাৰ উল্লেখযােগ্য আছিল। নিম্ন আদালতত সুদীর্ঘ দিন বিচাৰ প্রক্রিয়া চলি আছিল যদিও প্ৰভাৱশালী চক্ৰৰ হেঁচাত অনেক সাক্ষী-প্রমাণ আদালত চৌহদত উপস্থিত থকাৰ পৰা বিৰত থাকিছিল। অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায় যােগে সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ড আৰু তেওঁৰ লগৰ আন কেইবাগৰাকী দোষীক কঠোৰ শাস্তিৰ বাবে আদেশ দিয়ে। লগতে আদালতে সজ্জন কুমাৰ আৰু তেওঁৰ সহযােগীসকলক অহা ৩১ ডিচেম্বৰৰ ভিতৰত আত্মসমর্পণ কৰিবলৈ নির্দেশ দিয়ে। যােৱা ৩৪ বছৰৰ একাংশ শিখ কৰ্মীৰ একাগ্রতাৰ ফল এয়া। আৰম্ভণিৰে পৰা অনেক বাধাকো নেওচি একাংশ শিখ সমাজকর্মী আৰু সাহসী ভুক্তভােগীয়ে ন্যায় প্রাপ্তিৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছিল বাবে আজি আংশিক পৰিমাণে হলেও ক্ষতিগ্রস্ত পৰিয়ালে ন্যায় পাবলৈ সক্ষম হৈছে। আচলতে এয়া অন্যায়ৰ ওপৰত ন্যায়ৰ জয় বুলি ক'ব লাগিব। অন্যায়কাৰী যিমানেই প্ৰভাৱশালী নাথাকক কিয় এদিন হলেও অন্যায়ৰ শাস্তি পাবই লাগিব। গতিকে এই ঐতিহাসিক ৰায়ৰ যােগেদি সমগ্ৰ দেশতে এক বাতাৱৰণ প্রতিষ্ঠা হ’ব যে অন্যায়কাৰী সাৱধান—নায়ৰ ওচৰত অন্যয় সদায় পৰাস্ত হয়। দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক দেশৰ প্ৰতিগৰাকী ন্যায়পৰায়ণ আৰু বিবেকৱান লােকে সন্তুষ্টি প্রকাশ কৰিছে আৰু ইয়াৰ জৰিয়তে দেশৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত সৰ্বসাধাৰণ ৰাইজৰ আস্থা আৰু অধিক মজবুত হৈছে। ইয়াৰ লগতে শিখ দাঙ্গাৰ অন্যান্য গােচৰতাে ভুক্তভােগীয়ে ন্যায় পাবৰ বাবে আদালতত আপ্রাণ চেষ্টা অব্যাহত ৰাখিছে। আশা কৰাে প্ৰতিগৰাকী দোষীক শাস্তি দি ভুক্তভােগীক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰি দেশৰ ন্যায় ব্যৱস্থাক অধিক স্বচ্ছ আৰু শক্তিশালী কৰিবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী।

২০০২ চনৰ গুজৰাট গণহত্যাৰ বিচাৰ প্রক্রিয়া দেশৰ বিভিন্ন আদালতত অব্যাহত আছে। দুই-চাৰিজন শাস্তিৰ সন্মুখীন নােহােৱাও নহয়। মাত্র কেইজনমান অতি সাহসী আৰু নিষ্ঠাৱান কর্মীৰ সঠিক পদক্ষেপৰ বাবে অতি প্রতিকূল ৰাজনৈতিক বাতাৱৰণৰ মাজেদি ন্যায়িক যুঁজ অব্যাহত থকাত গুজৰাট কাণ্ডৰ কিছুসংখ্যক দোষীক শাস্তি প্রদান কৰা সম্ভৱ হৈছে। সম্পূর্ণকৈ নহলেও কিছু ভুক্তভােগীয়ে ন্যায় পাবলৈ সক্ষম হৈছে আৰু ন্যায়ৰ বাবে যুঁজ অব্যাহত আছে। ৰৌ বৰালি এতিয়াও বিচাৰাধীন হ’বলৈ বাকী থাকিলেও একাংশ সাহসী যােদ্ধাৰ ন্যায়িক যুঁজ অব্যাহত আছে। আইন যিহেতু সকলােৰে বাবে সমান, সেয়ে এদিন হলেও দোষীয়ে শাস্তি পাব বুলি আমাৰ দৃঢ়বিশ্বাস।


স্বাধীন ভাৰতৰ সম্ভৱতঃ আটাইতকৈ ডাঙৰ আৰু প্রথম নৰসংহাৰ সংঘটিত হৈছিল ১৯৮৩ চনৰ নেলী,চাউলখােৱা, গােৰেশ্বৰ, মুকালমুৱা, গহপুৰ ইত্যাদি অসমৰ বিশেষ কিছুমান অঞ্চলত। পৰিতাপৰ বিষয় যে বেচৰকাৰী হিচাপত প্রায় চাৰি হাজাৰৰাে অধিক লােকৰ হত্যাকাণ্ড হােৱা ১৯৮৩ চনৰ কাণ্ডৰ বিচাৰ আজিলৈ নহ'ল আৰু ভৱিষ্যতে হ’ব নে নাই তাৰ কোনাে চিন-ছাব দেখিবলৈ পােৱা নাযায়। গণতান্ত্রিক দেশ ভাৰতৰ স্বাধীন ন্যায়পালিকা থকা সত্ত্বেও ইমান ডাঙৰ জঘন্য হত্যাকাণ্ডৰ বিচাৰ নােহােৱাটো সহজে মানি ল’ব পৰা বিধৰ বিষয় হৈ থকা নাই। ১৯৮৩ চনত ধর্মীয় আৰু ভাষিক সংখ্যালঘুৰ ওপৰত এই দানৱীয় কাণ্ড চলিছিল। দুর্ভাগ্যৰ বিষয় যে দুর্বল, দৰিদ্ৰ-নিৰক্ষৰ ভুক্তভােগীক ন্যায় প্রদানৰ বাবে কোনাে ধৰণৰ কাৰ্যকৰী আইনী পদক্ষেপ লােৱাত কোনেও সহায় নকৰিলে। অসমত ন্যায়ৰ বাবে যুঁজিবলৈ সাহসী সমাজকর্মীৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে, যাৰ বাবে দোষীয়ে শাস্তি নােপােৱাকৈ আছে আৰু ভুক্তভােগী পৰিয়াল ন্যায়ৰ পৰা বঞ্চিত হৈ আছে। এশ শতাংশ ন্যায় প্রদান সম্ভৱ নহ'লেও আংশিকন্যায় প্রদানৰ বাবেও আজিলৈ কোনাে লােক একাগ্ৰতাৰে ওলাই অহানাই। ইফালে ভুক্তভােগী পৰিয়ালবােৰে নিজৰ অসহায়কে নিজৰ ভাগ্য বুলি সান্ত্বনা ল’বলৈ বাধ্য হৈছে। যােৱা ৩৫ বছৰে ভুক্তভােগী পৰিয়ালে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমসাময়িক আর্থিক অনুদান পাবলৈও বিফল হােৱাটো কম দুর্ভাগ্যৰ কথানে? ১৯৮৪ চনৰ শিখ হত্যাকাণ্ড আৰু ২০০২ চনৰ গুজৰাট হত্যাকাণ্ডৰ বিচাৰ যদি হ’ব পাৰে, তেন্তে ১৯৮৩ চনৰ অসমৰ হত্যাকাণ্ডৰ বিচাৰ কিয় হ’ব নােৱাৰিব? কোৱা বাহুল্য যে ১৯৮৩ চনত অসমৰ হত্যাকাণ্ডৰ উচিত বিচাৰ হােৱাহেঁতেন পৰৱর্তী পর্যায়ত দেশত কোনাে ধৰণৰ হত্যাকাণ্ড নিশ্চয়নহ’লহেঁতেন৷ গতিকে আশা কৰাে দেশৰ প্রতিটো হত্যাকাণ্ডৰ বিচাৰ হৈ দোষীক শাস্তি দিয়ক আৰু ভুক্তভােগী পৰিয়ালক ন্যায় প্রদান কৰক।
ভ্রাম্যভাষ : ৯৮৫৪০৯০৬৮১
Responsive Ads Here