লালিগুৰ ব্যৱসায়ীক গ্ৰেপ্তাৰৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - SANGBAD PRAHARI

Breaking

বিজ্ঞাপন

Post Top Ad

Responsive Ads Here

March 10, 2019

লালিগুৰ ব্যৱসায়ীক গ্ৰেপ্তাৰৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

‌তিতাবৰ  : সমগ্ৰ ৰাজ্য জোকাৰি যোৱা চুলাই মদৰ ট্ৰেজেদীৰ কথা আজিও পাহৰি যোৱা নাই ৰাইজে। বিষাক্ত চুলাই মদ সেৱন কৰি প্ৰাণ গৈছিল প্ৰায় ডেৰ শতাধিক লোকৰ। তিতাবৰ বৰহোলা অঞ্চলত বিষাক্ত চুলাই মদ সেৱন কৰি ৭০জনতকৈ অধিক লোক মৃত্যুৰ মুখত পৰিছিল। 

জানিব পৰা মতে সমগ্ৰ ঘটনাৰ ওপৰত বিহীত ব্যৱস্থা ল'বলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা ২৩/০২/২০১৯ তাৰিখে তিতাবৰ মহকুমা আৰক্ষী বিষয়াৰ যোগেদি তিতাবৰ মহকুমাধিপতি গৰাকীলৈ ৭টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল যদিও আজি পৰ্যন্ত মহকুমা প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। যাৰ ফলশ্ৰুতি আজি তিতাবৰৰ বৰহোলাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰহোলা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত প্ৰায় শতাধিক স্থানীয় মহিলা প্ৰতিবাদীকাৰীয়ে প্ৰায় তিনি ঘণ্টা সময় বৰহোলা চাৰি আলিৰ পথ অৱৰোধ কৰে। 


উল্লেখযোগ্য যে বৰহোলাত চুলাই মদ প্ৰস্তুত কৰা যি কেইজন বেপাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল সেইকেইজন ব্যক্তিয়ে লালীগুৰ ক্ৰয় কৰাৰ লোক কেইজনৰ নাম আৰক্ষীক স্পষ্ট কৰি দিয়াৰ পিছতো কিয় বৰ্তমান পৰ্যন্ত সেইসকল লালিগুৰ বেপাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিবলৈ সক্ষম হোৱা নাই প্ৰশাসনে বুলি প্ৰশ্ন উত্থাপন কৰিছে সংগঠনটোৱে। লগতে সংগঠনটোৱে তিতাবৰ আবকাৰী বিষয়া সকলক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা,লালিগুৰ ব্যৱসায়ী সকলক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা, অসমখনক মদ মুক্ত ৰাজ্য হিচাপে ঘোষণা কৰা আৰু চৰকাৰৰ তৰফৰ পৰা বিষাক্ত চুলাই মদ সৱেন কৰি মৃত্যু হোৱা মৃতকৰ পৰিয়াললৈ যি আৰ্থিক সাহায্যৰ ঘোষণা কৰিছিল সেই সাহায্য মৃতকৰ পৰিয়ালে শ্ৰাদ্ধ পাতিব পৰাকৈ ক্ষিপ্ৰতাৰে দিয়া ব্যৱস্থা কৰি দিয়াৰ মুঠ চাৰিটা দাবীৰে সংগঠনটোৱে তিতাবৰ মহকুমাধিপতি গৰাকীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। 


যদিহে এই দাবী সমূহ তৎকালে কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে বিগত সময়ত হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,বৰহোলা আঞ্চলিক সমিতি জগৰীয়া নহ'ব বুলি চৰকাৰক তীব্ৰ ভাষাৰে সকীয়াই দিয়ে।
Responsive Ads Here