বিজেপি-বিৰোধী ক্ষোভৰ সুযোগ লোৱাৰ চেষ্টা কংগ্রেছৰ - SANGBAD PRAHARI

Breaking

বিজ্ঞাপন

Post Top Ad

Responsive Ads Here

March 12, 2019

বিজেপি-বিৰোধী ক্ষোভৰ সুযোগ লোৱাৰ চেষ্টা কংগ্রেছৰ

গুৱাহাটী : লোক সভাৰ নির্বাচনৰ প্রাক৲ক্ষণত ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আৰম্ভ হৈছে ব্যাপক ৰাজনীতি৷ বিজেপিয়ে জনগোষ্ঠীকেইটাক জনজাতিৰ মর্যাদা দিবলৈ অপাৰগ হোৱাৰ পাছতেই কংগ্রেছে এতিয়া জনগোষ্ঠীকেইটাৰ লোকসকলৰ কাষ চাপিবলৈ আপ্রাণ চেষ্টা চলাইছে৷

আনকি আজি নতুন দিল্লীত কংগ্রেছৰ সভাপতি ৰাহুল গান্ধীয়ে ছয় জনগোষ্ঠীৰ প্রতিনিধিবর্গৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকতো মিলিত হয়৷ বৈঠকত কংগ্রেছৰ সভাপতিজনে ক্ষমতালৈ আহিলেই কংগ্রেছে ছয় জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদান কৰিব বুলি প্রতিশ্রুতি প্রদান কৰে৷ আনহাতে, দলটোৱে প্রকাশ কৰিবলগীয়া নির্বাচনী ইস্তাহাৰতো ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অন্তর্ুক্ত কৰিব বুলি জানিবলৈ দি ৰাহুল গান্ধীয়ে কয় যে অসম তথা উত্তৰ-পূর্বাঞ্চলৰ ৰাইজৰ স্বার্থত কংগ্রেছে কাম কৰি যাব৷

আনহাতে, হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ দিহা থকা নাগৰিকত্ব সংশোধনী বিধেয়কখনো ক্ষমতালৈ আহিলে কংগ্রেছে সম্পূর্ণৰূপে বাতিল কৰিব বুলি উল্লেখ কৰি কংগ্রেছৰ সভাপতিজনে কয় যে কংগ্রেছে অসম তথা উত্তৰ-পূর্বাঞ্চলৰ লোকৰ ক্ষতি হ’ব পৰা কোনো কাম কেতিয়াও নকৰে৷ মন কৰিবলগীয়া কথা যে ৰাহুল গান্ধীৰ বাসভৱনত অনুষ্ঠিত এই বৈঠকত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰা, অসমৰ দায়িত্বত থকা কংগ্রেছৰ পর্যবেক্ষক হৰিশ ৰাৱট, বিধায়িনী দলৰ দলপতি দেবব্রত শইকীয়া আৰু প্রাক্তন বিধায়ক দুর্লভ চমুৱাও উপস্থিত আছিল৷

আনহাতে, এই বৈঠকৰ অন্তত ছয় জনগোষ্ঠীৰ হৈ মৰাণ ছাত্র সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে সাংবাদিকৰ আগত কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রতিশ্রুতি দিও বিজেপিয়ে জনগোষ্ঠীকেইটাক জনজাতিৰ মর্যাদা প্রদান নকৰিলে৷ সেয়েহে নির্বাচনৰ প্রাক৲মুহূর্তত আমি আজি কংগ্রেছৰ সৈতে বিষয়টো আলোচনা কৰোঁ৷ আমাৰ দাবী আছিল, কংগ্রেছ যদি ক্ষমতালৈ আহে তেনেহ’লে তেওঁলোকে ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদান কৰিব লাগিব৷

আনহাতে, ক্ষমতালৈ নাহিলেও জনজাতিকৰণৰ সমর্থনত দলটোৱে দৃঢ় পদক্ষেপ গ্রহণ কৰিব লাগিব৷ বৈঠকত ৰাহুল গান্ধীয়ে জনগোষ্ঠীকেইটাৰ জনজাতিকৰণৰ ক্ষেত্রত কংগ্রেছে সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰাৰ প্রতিশ্রুতি দিছে বুলিও মত ব্যক্ত কৰে মৰাণে৷ উল্লেখযোগ্য যে লোক সভাৰ বিগত নির্বাচনৰ সময়ত বিজেপিয়ে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদানৰ প্রতিশ্রুতি দিছিল যদিও জনগোষ্ঠীকেইটাক জনজাতিৰ মর্যাদা প্রদান কৰিব নোৱাৰিলে৷

অন্তিম মুহূর্তত সংসদৰ যোৱা শীতকালীন অধিৱেশনত বিজেপিয়ে ৰাজ্য সভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে এখন বিধেয়ক উত্থাপন কৰিছিল যদিও বিধেয়কখন গৃহীত কৰাৰ বাবে দলটোৱে কোনো ধৰণৰ চেষ্টা নচলালে৷ আনহাতে, অসম বিধানসভাৰ যোৱা নির্বাচনৰ সময়তো বিজেপিয়ে ছয় জনগোষ্ঠীৰ ভোটৰ আশাত নতুন দিল্লীত এখন ত্রিপাক্ষিক বৈঠকৰ আয়োজন কৰি এখন উচচ পর্যায়ৰ মডেলিটি কমিটী গঠন কৰিছিল কিন্তু উক্ত কমিটীখনে নির্দিষ্ট সময়ৰ ভিতৰত প্রতিবেদন দাখিল কৰিব নোৱাৰিলে৷

আনহাতে, জনজাতিকৰণ সন্দর্ভত ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গঠিত কমিটীখনেও সময়ত দাখিল কৰিব নোৱাৰিলে নিজৰ প্রতিবেদন৷ যাৰ বাবে ছয় জনগোষ্ঠীৰ লোকসকল এতিয়া বিজেপিৰ ওপৰত ক্ষুব্ধ হৈ আছে৷ সেয়েহে বিজেপিৰ এই বিফলতাৰ সুযোগ গ্রহণ কৰাৰ চেষ্টা চলাইছে কংগ্রেছে৷ দলটোৱে ভালদৰে বুজি উঠিছে যে ছয় জনগোষ্ঠীৰ লোকসকলক নিজৰ পক্ষলৈ আনিবলৈ সক্ষম হ’লে অনাগত লোক সভাৰ নির্বাচনত দলটোৱে অসমত ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব৷

সেয়েহে আজি প্রদেশ কংগ্রেছে নিজাকৈ উদ্যোগ লৈ ছয় জনগোষ্ঠীৰ নেতাসকলৰ সৈতে ৰাহুল গান্ধীৰ বৈঠকৰ আয়োজন কৰিছিল৷ অৱশ্যে সময়েহে ক’ব, কংগ্রেছে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ইছু্যটোক লৈ নির্বাচনী বৈতৰণী পাৰ হ’বলৈ সক্ষম হ’ব নে নহয়৷ কিন্তু আজিৰ এই বৈঠকে এটা কথা স্পষ্ট কৰি দিলে যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ এতিয়া নির্বাচনী ইছু্য৷ কংগ্রেছ, বিজেপি প্রতিটো দলেই এই ইছু্যটোক লৈয়ে নির্বাচনত নামে৷

এক অর্থত জনজাতিকৰণৰ নামত যেন পাশা খেলৰ গুটি হৈ পৰিছে জনগোষ্ঠীকেইটাৰ সাধাৰণ লোকসকল৷ আাজিৰ বৈঠকত সদৌ মৰাণ ছাত্র সন্থাৰ সভাপতি অৰুণ জ্যোতি মৰাণ, সাধাৰণ সম্পাদক নৱ মৰাণ, সহকাৰী সম্পাদক হেম বৰুৱা, সদৌ অসম মটক সন্মিলনৰ সম্পাদক কাজল গোহঁাই, সদৌ অসম মটক ছাত্র সন্মিলনৰ উপ-সভাপতি ৰঞ্জিত গোহঁাই, কোঁচ-ৰাজবংশী সংগ্রাম সমিতিৰ সভাপতি অতুল ৰায়, সদৌ কোঁচ-ৰাজবংশী ছাত্র সন্থাৰ উপদেষ্টা প্রদীপ ৰায়, সম্পাদক গকুল বর্মন, কোঁচ-ৰাজবংশী সন্মিলনৰ বীৰেশ্বৰ শইকীয়া, সদৌ টাই আহোম ছাত্র সন্থাৰ যুটীয়া সম্পাদক মহেন বৰা, অসম চাহ জনজাতি ছাত্র সন্থাৰ সহকাৰী সম্পাদক ৰঞ্জিত ঠাকুৰ আৰু সাংগঠনিক সম্পাদক যতীন বৰা উপস্থিত আছিল৷

Responsive Ads Here