চৰ চাপৰিত বিহু উৎসৱ - SANGBAD PRAHARI

Breaking

Post Top Ad

April 14, 2019

চৰ চাপৰিত বিহু উৎসৱ


 ৰ চাপৰিৰ জনসাধাৰণে পালন কৰা ৰঙালী বিহু প্ৰধানত বিহু সন্মিলনৰ মাজেৰে অনুষ্ঠিত কৰিলেও গৰু বিহুৰ দিনা গৰুক গা ধুৱাই নতুন পঘা দিয়াৰ নিয়মো পালন কৰে। তদুপৰি যুৱচামে মানুহ বিহুৰ দিনা ভোজ ভাত খোৱাৰ নিৰ্দেশনো এইখন সমাজত আছে। চৰ চাপৰিৰ মুছলমানসকলে পালন কৰা বিহুত চাপৰি আৰু চৰ কেন্দ্ৰিক বিহুনামবোৰেই প্ৰাধান্য পোৱা দেখা যায়:

লুইতৰ চাপৰিত কঁহুৱা ফুলিলে
ফুলিলে বাবৰি ফুল,
আই অসমীয়ে সবাকো আদৰে
নিবিচাৰি জাতিকুল।

নামনি অসমৰ বংগমূলীয় মুছলমান সমাজত কিছুমান স্বকীয় বিহুনামে গঢ় লৈ উঠিছে। এই বিহুনামবোৰত ঠাই ঐতিহ্য আৰু নদী ঐতিহ্যই গুৰুত্ব লাভ কৰিছে -

পহুমৰা নৈখন কোনেনো খন্দালে
দুয়োপাৰে খহি খহি পৰে,
মোৰনো হৃদয়খন কোনেনো খন্দালে
বিৰহত জহি খহি পৰে।

নামনি অসমত বাস কৰা বংগমূলীয় অসমীয়া সমাজখনৰ কৃষিজীৱী লোকসকল গৰাখহনীয়া, বানপানী আদি নানা সমস্যাৰে জৰ্জৰিত। বিহুনামত পোৱা যায় এইদৰে-

নদীয়ে খহালে আমাৰ মাটি ভেটি
বানে উটুৱালে ঘৰ
তুমি সোন খহালা
হৃদয়ৰ গৰাবোৰ
আপোন হৈ হলা যে পৰ।

বিহুৰ লগতে অসমীয়া শৰাই, জাপি আদি বংগমূলীয় অসমীয়া মুছলমান সমাজৰ সংস্কৃতিৰ অংগস্বৰূপ হৈ পৰিছে। বিহুৰ সময়ত বিহুৱানেৰে অতিথিক আদৰে, অসমীয়া মেখেলা চাদৰ বংগমূলীয় অসমীয়া মুছলমান গাভৰু বোৱাৰীৰো আদৰৰ সাজপাৰ। এইদৰে ৰঙালি বিহু আৰু এই উৎসৱতৰ লগত জড়িত সাজ পাৰ আদি বংগমূলীয় অসমীয়া মুছলমান সমাজখনে লাহে লাহে গ্ৰহণ কৰিব ধৰিছে।


বংগমূলীয় অসমীয়া মুছলমান সমাজত কাতি বিহুক 'গাহ্যিৰ ৰাতি' বুলি কয়। আহিন আৰু কাতিৰ সংক্ৰান্তিত এই উৎসৱ জনগোষ্ঠীটোৱে স্বকীয় পৰম্পৰাৰে পালন কৰে। বংগমূলীয় অসমীয়া মুছলমান সমাজত কাতি মাহক মৰাকাতি বুলি কোৱা হয়। কাতি মাহ আকাল- অনাটনৰ মাহ। এই মাহত খাদ্যৰ অনাটনৰ উপৰিও বেমাৰ আজাৰ বেছিকৈ হয়। এই মৰা কাতিক বিদায় জনাবলৈ বংগমূলীয় অসমীয়া মুছলমান সমাজ খনত দুটা প্ৰক্ৰিয়াৰ মাজেৰে কাতি বিহু পালন কৰা হয়, এটা প্ৰক্ৰিয়াত সৰু লৰা ছোৱালী আৰু আনটোত গাভৰু ছোৱালী আৰু মহিলা সকল জড়িত হৈ থকা দেখা যায়। পুৰুষে জড়িত হোৱা পৰ্বটোক গছকটা কাতি বিহু বুলি কোৱা হয়। সূৰ্য অস্ত যোৱাৰ এঘন্টা মান পিছৰপৰাই এই পৰ্ব আৰম্ভ হয়। লৰা-ছোৱালীবোৰে হাতত চাকি আৰু দা - কুঠাৰ লৈ গছ কাটিবলৈ যায়। যি গছত ফল নধৰে তেনে গছত কুঠাৰ বা দাৰে কোবায়। আটায়ে সমস্বৰে বাধা দি কয়, নাকাটিবা নাকাটিবা। গছকটাজনে কয় কাটিয়েই পেলাও ফল নধৰে, ৰাখি কি লাভ। সকলোৱে সমস্বৰে কয়, নাকাটিবা, নাকাটিবা, অহাবাৰ ফল দিব। ফল দিয়া গছত যদি কিবা কাৰনত ফল নিদিয়ে তেন্তে সেই গছত ৰাতিৰ ভাগত কোবালে পিছৰ বাৰ ফল দিয়ে বুলি লোক বিশ্বাস আছে। কাতি বিহুৰ দ্বীতিয় পৰ্বক জাগ দিয়া পৰ্ব বুলি জনা যায়। 

আহিন মাহৰ শেষ ৰাতি চোতালৰ মাজভাগত আলতীয়া মাটিৰে লেপি কেচা হালধি, দূৱৰি বন, তিল, মেথি, নাৰিকল, শেলেকু, ভেঁটফুল, পকা কোমোৰা আদি ৰখা হয় আৰু সেইবোৰৰ ওপৰত মানকচুৰ আন এটি পাতেৰে ঢাকি দিয়া হয়। ওচৰত পানী ভৰ্তি কলহ ৰাখি ওৰে ৰাতি বস্তুবোৰ বাহী হবলৈ থৈ দিয়া হয়। ৰাতিপুৱা লৰা-ছোৱালীবোৰে কলহৰ পানীত হালধি, মেথি, নিমপাত, তিল, দূৱৰিবন আদি মিহলাই সেই পানীৰে গা ধোৱে। এনে কৰিলে বছৰটোৰ বাবে ছালৰ বেমাৰ বা আন বেমাৰ নহয় বুলি বিশ্বাস কৰা হয়। তদুপৰি ছোৱালীসকলে গাস্যিৰ ৰাতিৰ সামগ্ৰীবোৰ ব্যৱহাৰ কৰিলে ছালৰ বৰণ ধূনীয়া হয় বুলি বিশ্বাস কৰে। 

মাঘবিহুক বংগমূলীয় অসমীয়া মুছলমান সমাজত পুষুৰা বুলি কোৱা হয়। পুষুৰাৰ পূৰ্বে মাগন গীত গাই গাঁৱৰ ডেকাহঁতে ঘৰে ঘৰে মাগি ফুৰে আৰু ভোজ ভাত খায়। কেতবোৰ অন্চলত পুষুৰাৰ বাবে মহঁযুজ, ঘোৰাদৌৰ, লাঠীবাৰী, নাওখেল অনুষ্ঠিত হোৱা দেখা যায়। এই উৎসৱৰ বাবে ঘৰত নানা ধৰণৰ পিঠা পনাৰ ব্যৱস্থাও কৰা দেখা যায়। ভাপা পিঠা, চিতি পিঠা, ছৈৱে পিঠা, পাহান পিঠা, নাৰিকল, তিল আৰু মুৰিৰ লাড়ু তৈয়াৰ কৰি এই উৎসৱত আলহী অতিথিক আপ্যায়ন কৰা দেখা যায়। এইদৰে নানা ৰীতি নীতি, উৎসৱ পাৰ্বণ আদিৰ মাজেৰে বংগমূলীয় অসমীয়া মুছলমান সকলে বিহু-পাৰ্বন আদি পালন কৰি মূলসুঁতিৰ অসমীয়াসকলৰ সৈতে মিলিজুলি আছে।
Responsive Ads Here