সোণা উল্লাহক বিনাচৰ্তে মুক্তি আৰু বিদেশী ন্যায়াধীকৰণ ৰাজনৈতিক প্ৰভাৱমুক্ত কৰাৰ দাবীত কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ প্ৰতিবাদ - SANGBAD PRAHARI

Breaking

Post Top Ad

Responsive Ads Here

June 3, 2019

সোণা উল্লাহক বিনাচৰ্তে মুক্তি আৰু বিদেশী ন্যায়াধীকৰণ ৰাজনৈতিক প্ৰভাৱমুক্ত কৰাৰ দাবীত কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

গুৱাহাটী : ভাৰতীয় সেনা বাহিনীত ৩০ বছৰতকৈ অধিক কাল সেৱা আগবঢ়োৱা ৰাষ্ট্ৰপতিৰ পদক প্ৰাপ্ত প্ৰাক্তন কেপ্তেইন সোণা উল্লাহ ডাঙৰীয়াক সম্পূৰ্ণ অনিয়ম আৰু অন্যায়ভাৱে সীমান্ত আৰক্ষী আৰু বিদেশী নায়াধীকৰণে বিদেশী ঘোষণা কৰি ডিটেন্সন কেম্পত বন্ধী কৰি ৰখা কাৰ্যৰ বিৰুদ্ধে আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গভীৰ উদ্বেগ প্ৰকাশৰ লগতে তীব্ৰ বিৰোধিতা আৰু প্ৰতিবাদ সাব্যস্ত কৰে। 


অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ তত্ত্বাবধানত থকা সীমান্ত আৰক্ষী আৰু বিদেশী ন্যায়াধীকৰণৰ এই কাৰ্যই সমগ্ৰ দেশৰ লগতে বিশ্বত অসমক লজ্জানত কৰিছে তাৰ বাবে সোণোৱাল চৰকাৰক সংগঠন দুটাই তীব্ৰ নিন্দা আৰু গৰিহণা দিছে আৰু অতি শীঘ্ৰে ৰাষ্ট্ৰপতি পদক প্ৰাপ্ত ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন সোণা উল্লাহক ডিটেন্সন কেম্পৰ পৰা বিনাচৰ্তে মুক্তি দিয়াৰ দাবী উত্থাপন কৰে। ৰাষ্ট্ৰপতি পদক প্ৰাপ্ত ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন সোণা উল্লাহক ডিটেন্সন কেম্পৰ পৰা অতিশীঘ্ৰে বিনাচৰ্তে মুক্তি প্ৰদানৰ লগতে সীমান্ত আৰক্ষী আৰু বিদেশী ন্যায়াধীকৰণত চলি থকা অনিয়ম আৰু অন্যায় দূৰীকৰণৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিয়ে বৰপেটা জিলা পুথিভঁৰাল প্ৰাঙ্গনত ৰাতিপুৱা ১১ বজাৰ পৰা ১ বজালৈ এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে 'প্ৰাক্তন সেনা বিষয়া সোণা উল্লাহক শীঘ্ৰে ডিটেন্সন কেম্পৰ পৰা মুক্তি দিয়ক' সেনা বিষয়া সোণা উল্লাহক বিদেশী সজোৱা তদানীন্তন আৰক্ষী বিষয়া চন্দ্ৰমল দাসক গ্ৰেপ্তাৰ কৰক' 'বিদেশী ন্যায়াধীকৰণৰ অনিয়ম-অন্যায় বন্ধ কৰক' 'বিদেশী ন্যায়াধীকৰণ ৰাজনৈতিক প্ৰভাৱ মুক্ত কৰক' 'বিদেশী ন্যায়াধীকৰণৰ সদস্য নিযুক্তি স্বতন্ত্ৰ আৰু ন্যায়িকভাৱে কৰক''সীমান্ত আৰক্ষীৰ মইমতালী বন্ধ কৰক' 'নাগৰিকত্বৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি বন্ধ কৰক' অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগত থকা মুখ্যমন্ত্ৰী সোণোৱাল হায় হায়' 'NRC ৰ ভুৱা আপত্তিবোৰ খাৰিজ কৰক' আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। 

প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম, কেন্দ্ৰীয় সমিতিৰ সদস্য বাবুল হুছেইন, বৰপেটা জিলা কৃষক মুক্তিৰ সভাপতি ৰফিকুল ইছলাম আৰু যুটীয়া সম্পাদক কাজী নাজিমুল হকে উপস্থিত থাকি বক্তব্য প্ৰদান কৰি কয় যে " প্ৰাক্তন সেনা বিষয়া সোণা উল্লাহ ডাঙৰীয়াক চূড়ান্ত অনিয়ম আৰু অন্যায়ভাৱে বিদেশী সজোৱাটো কোনো বিক্ষিপ্ত ঘটনা নহয়। ইয়াৰ পূৰ্বেও বায়ুসেনাত ৩৫ বছৰ কাল সেৱা কৰা বৰপেটা জিলাৰ বালিকুৰি অঞ্চলৰ সামছুল হক আহমেদ আৰু তেওঁৰ পত্নীক, আৰ্মীত ২০ বছৰতকৈ অধিক কাল সেৱা কৰা বৰপেটা জিলাৰ কয়াকুছি অঞ্চলৰ মহিৰ উদ্দিন আৰু তেওঁৰ পত্নীক, ২৫ বছৰতকৈ অধিক সময় আৰ্মীত সেৱা কৰা বিষয়া কামৰূপ জিলাৰ ছয়গাওঁ অঞ্চলৰ মহম্মদ আজমল হক আৰু ধুবুৰীৰ পুলিচ কনিষ্টবল আবু তাহেৰ আহমেদকো বিদেশী বুলি অভিযুক্ত কৰা হৈছিল। 

একাংশ সীমান্ত আৰক্ষীয়ে কোনো ধৰণৰ অনুসন্ধান নকৰাকৈয়ে সম্পূৰ্ণ মিছাৰ আশ্ৰয় লৈ ভুৱা প্ৰতিবেদন, ভুৱা জবানবন্ধী আৰু ভুৱা সাক্ষী প্ৰস্তুত কৰি ভিত্তিহীনভাৱে অসমবাসী ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে বিদেশীৰ গোচৰ তৰি বিদেশী ন্যায়াধীকৰণলৈ পঠাই দিয়ে আৰু বিদেশী ন্যায়াধীকৰণেও অনিয়মৰ আশ্ৰয় লৈ সামান্য নাম বা বয়স আদিৰ তাৰতম্যৰ অজুহাতত বহুসংখ্যক প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী বুলি ঘোষণা কৰি আহিছে বুলি দীৰ্ঘদিন ধৰি গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে। এইদৰে বিদেশী বুলি ঘোষিত হোৱা একাংশ লোককেই গ্ৰেপ্তাৰ কৰি ডিটেন্সন কেম্পত অমানৱীয়ভাৱে বন্ধী কৰি ৰখা হৈছে। কেৱল অভিযোগেই নহয়; কিছুদিন পূৰ্বে বিদেশী ন্যায়াধীকৰণবোৰত চলি থকা অনিয়মৰ বিৰুদ্ধে বৰপেটা উকিল সন্থাই এদিনৰ বাবে বিদেশী ন্যায়াধীকৰণ বৰ্জন কৰি এক নজিৰহীন প্ৰতিবাদ সাব্যস্ত কৰে। এয়া এক পৰিকল্পিত ভয়াৱহ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি বহুতেই অভিযোগ উত্থাপন কৰি থকাৰ সময়তেই এইবাৰ সমস্ত বিচাৰ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰা এক ভয়াৱহ ষড়যন্ত্ৰৰ তথ্য ফাদিল হৈছে। বিশেষকৈ বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলে অধিক হাৰত বিদেশী ঘোষণা কৰিব নোৱাৰিলে চাকৰিৰ পৰা চাটাই হবলগীয়া হয়; আনহাতেদি ব্যাপক হাৰত বিদেশী ঘোষণা কৰিবলৈ সক্ষম হ’লে চৰকাৰে সেইসকল বিদেশী ন্যায়াধিকৰণৰ সদস্যক পুৰস্কাৰ হিচাপে তেওঁলোকৰ চাকৰিৰ ম্যাদ বৃদ্ধি কৰা হয় বুলি এক ভয়ংকৰ ষড়যন্ত্ৰৰ কথা পোহৰলৈ আহিছে। 

শেহতীয়াকৈ ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক শপতনামাতেই এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। বিদেশী ন্যায়াধিকৰণৰ সদস্যৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমোদনৰ প্ৰয়োজন যদিও সম্প্ৰতি ৰাজ্য চৰকাৰখনে সমস্ত বিচাৰ প্ৰক্ৰিয়াত হস্তক্ষেপ কৰি ১৯ গৰাকীকৈ সদস্যক চাকৰিৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত ন্যায়ালয়ত দাখিল কৰা শপতনামাত অব্যাহতি দিয়া সদস্যসকলৰ পাৰদৰ্শিতা ভাল নাছিল অৰ্থাৎ অধিক হাৰত বিদেশী ঘোষণা কৰিবলৈ সক্ষম নোহোৱাৰ বাবেই চাকৰিৰ পৰা চাটাই কৰা হ’ল বুলি স্পষ্ট হৈ পৰে। চৰকাৰে আদালতত দাখিল কৰা বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলৰ পাৰদৰ্শিতা সন্দৰ্ভত প্ৰস্তুত কৰা প্ৰতিবেদনে আচলতে এক ভয়াৱহ ষড়যন্ত্ৰৰ কথা পোহৰলৈ আনিছে। 

বৃহৎসংখ্যক লোকক বিদেশী ঘোষণা কৰিব নোৱাৰিলে চাকৰিৰ পৰা অব্যাহতি দিয়া হ’ব বুলি সকীয়নি প্ৰদান কৰা বিষয়টো আমি কোনোপধ্যেই মানি লব নোৱাৰো। বিদেশী মুক্ত অসম আৰু জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগানেৰে ক্ষমতালৈ অহা সোণোৱাল চৰকাৰে এফালে নাগৰিকত্ব (সংশোধনী) বিধয়েকৰ জৰিয়তে বিদেশীক নাগৰিকত্ব দি অসমত সংস্থাপন কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছে আনফালে ৰাজনৈতিক হস্তক্ষেপ কৰি একাংশ সংখ্যালঘু অসমবাসী স্বদেশী লোকক বিদেশী সজাই হাৰাশাস্তি কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰিছে। আমি এই ষড়যন্ত্ৰৰ তীব্ৰ বিৰোধিতা কৰিছো। যিকিনহওক সীমান্ত আৰক্ষী আৰু বিদেশী ন্যায়াধীকৰণৰ ওপৰত ইমান দিন উত্থাপন হৈ অভিযোগবোৰ যে ভয়াবহ আৰু সঁচা সেই কথা শেহতীয়াকৈ ভাৰতীয় সেনা বাহিনীৰ কেপ্তেইন সোণা উল্লাহ ডাঙৰীয়াক বিদেশী সজাই ডিটেন্সন কেম্পত বন্ধী কৰি ৰখা ঘটনাই পুনৰ প্ৰমাণ কৰিলে। 

ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন কেপ্টেইন আছিল বাবে সোণা উল্লাহ ডাঙৰীয়াৰ কথা আজি চৰ্চা লাভ কৰিছে আৰু তেওঁৰ ন্যায়ৰ পক্ষত এক জনমত গঢ় লৈ উঠিছে। সোণা ওল্লাহ ডাঙৰীয়া আৰ্থিকভাৱে স্বচ্ছল আৰু শিক্ষিতভাৱে উচ্চ ন্যায়ালয়ত যুঁজিব, প্ৰয়োজনত উচ্চতম ন্যায়ালয়তো যুঁজিব পাৰিব আৰু নিশ্চয় ন্যায় লাভ কৰিব। কিন্তু সীমান্ত আৰক্ষী আৰু বিদেশী ন্যায়াধীকৰণৰ অনিয়ম আৰু অন্যায়ৰ বলি হৈ থকা বিদেশীৰ অপবাদৰ বোজা লৈ চূড়ান্ত ভয় আৰু নিৰাপত্তাহীনতাত ভুগি থকা আৰু ডিটেন্সন কেম্পত আবদ্ধ হৈ থকা নিৰক্ষৰ, দৰিদ্ৰ আৰু সাধাৰণ অসমবাসী ভাৰতীয় নাগৰিকসকলে কেনেকৈ ন্যায় লাভ কৰিব? ইয়াক লৈ আমি গভীৰ উদ্বিগ্ন। 

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দীৰ্ঘদিন ধৰি অসমৰ সমাজ আৰু ৰাজনৈতিক জীৱন অস্থিৰ কৰি ৰখা বিদেশী সমস্যাটোৰ এক বিজ্ঞানসন্মত, বাস্তৱসন্মত আৰু স্থায়ী সমাধান বিচাৰে। এক শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰস্তুতকৰণেহে বিদেশী সমস্যাটো সমাধানৰ বাট মুকলি কৰিব পাৰে বুলি আমি ভাৱো। সেয়েহে ঐতিহাসিক অসম চুক্তিয়ে নিৰ্ধাৰণ কৰি দিয়া ভিত্তি বৰ্ষ হিচাপে বিদেশী চিনাক্তকৰণ আৰু সংশ্লিষ্ট দেশৰ লগত বিদেশী প্ৰত্যাপৰ্ণ চুক্তি কৰি বিদেশীক ঘূৰাই পঠোৱাৰ ব্যৱস্থা আমি জন্মলগ্নৰে দাবী উত্থাপন কৰি আহিছো। 

একেসময়তে বিদেশীৰ নামত অসমবাসী স্বদেশীক কৰা হাৰাশাস্তিৰো তীব্ৰ বিৰোধিতা কৰো। সংখ্যালঘূ সমাজ বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ। সংখ্যালঘুসকলৰ অধিকাৰ ৰক্ষাৰ বাবে আমি সদায় দায়বদ্ধ"। আজিৰ এই আন্দোলন কাৰ্যসূচীৰ জৰিয়তে ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন কেপ্টেইন সোণা উল্লাহ ডাঙৰীয়াক শীঘ্ৰে বিনাচৰ্তে ডিটেন্সন কেম্পৰ পৰা মুক্তি দিয়া, কেপ্তেইন সোণা উল্লাহ ডাঙৰীয়াৰ বিৰুদ্ধে ভুৱা প্ৰতিবদেন, ভুৱা জৱানবন্ধী আৰু ভুৱা সাক্ষীৰে বিদেশী সজোৱা তদান্তীন সীমান্ত আৰক্ষী বিষয়া চন্দ্ৰমল দাসক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা, সীমান্ত আৰক্ষীৰ মইমতালী আৰু বিদেশী ন্যায়াধীকৰণত চলি থকা অনিয়ম-অন্যায় বন্ধ কৰা, বিদেশী ন্যায়াধীকৰণ ৰাজনৈতিক প্ৰভাৱ মুক্ত কৰা আৰু ইয়াৰ বাবে বিদেশী ন্যায়াধীকৰণৰ সদস্য নিযুক্তি স্বতন্ত্ৰ আৰু ন্যায়িকভাৱে কৰাৰ ব্যৱস্থা কৰা, এন আৰ চিত হোৱা ভুৱা আপতিবোৰ সম্পূৰ্ণৰূপে খাৰিজ কৰা আৰু আপত্তিকাৰী অনুপস্থিত নাথাকিলে লগে লগে বিষয়টো একপক্ষীয়ভাৱে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে।
Responsive Ads Here